অৰুণাচলৰ পৰা অপহৃত দুই অইলৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত ভিডিঅ’ প্ৰেৰণ আলফাৰ

অৰুণাচলৰ পৰা অপহৃত দুই অইলৰ বিষয়াৰ মুক্তি বিচাৰি ভিডিঅ’ প্ৰেৰণ কৰিলে আলফাই।

ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা প্ৰেৰণ কৰা ভিডিঅ’ত কুইপ’ৰ বিষয়াদ্বয় ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰে তেওঁলোকৰ মুক্তিৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ কোম্পানীৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে অসম তথা বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।

কুইপ’ৰ বিষয়া দুগৰাকীক ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে অৰুণাচলৰ চাংলাং জিলাৰ পৰা আলফা আৰু এনএচচিএনে অপহৰণ কৰি নিছিল।

এমাহ অতিক্ৰম কৰাৰ পিছতো বিষয়া দুজনৰ মুক্তিৰ বাবে চৰকাৰ তথা কুইপে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে।

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কুইপ’ৰ সৈতে আলোচনা সফল নহ’লে বিষয়া দুগৰাকীৰ বিশেষকৈ বিহাৰৰ বিষয়া ৰাম কুমাৰৰ জীৱনলৈ ভাবুকি নামি আহিব পাৰে বুলি সকিয়াই দিছিল।

উল্লেখ্য আলফাৰ অপহৰণ কৰা ব্যক্তিৰ এইয়া দ্বিতীয়টো অপহৃতৰ দ্বাৰা প্ৰেৰিত ভিডিঅ বাৰ্তা

উল্লেখ্য যে ২০১৬ চনত কাকপথাৰৰ কুলদীপ মৰাণক অপহৰণ কৰোতে এনেদৰেই মুক্তি বিচাৰি প্ৰথমটো ভিডিঅ বাৰ্তা প্ৰেৰণ কৰিছিল অৰণ্যৰ ঘন জংঘলৰ পৰা।

বিগত ২০ ডিচেম্বৰত অৰুণাচলৰ ডায়ুনৰ পৰা অপহৃত হৈছিল দুই বিষয়া।