‘অসমত নতুনকৈ তেল-গেছ অন্বেষণ আৰু উত্তোলন কৰিব নোৱাৰিব অইল ইণ্ডিয়াই’ : আলফা(স্বা)

বাঘজানস্থিত তৈলকূপত সংঘটিত অগ্নিকাণ্ডৰ সম্পৰ্কে আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

তিনিচুকীয়া জিলাৰ বাঘজান তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তিবাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বা)এ।

আলফা(স্বা)ৰ প্ৰচাৰ গোটৰ সদস্য কে. দ্বীপ অসমৰ স্বাক্ষৰিত বিবৃতিত কোৱা হৈছে যে, অইল ইণ্ডিয়াৰ চৰম গাফিলতিৰ বাবেই এনে ভয়ানক দুৰ্ঘটনা সংঘটিত হ’বলৈ পাইছে।

সংগঠনটোৱে লগেত কয় যে তৈলকূপৰ পৰা নিৰ্গত গেছে বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে ডিব্ৰু ছৈখোৱাৰ জৈৱ বৈচিত্ৰক ক্ষতিগ্ৰস্ত কৰাৰ ফলত জীৱকুলৰ প্ৰাণ হানি হৈছে।

বিবৃতিত বিদ্ৰোহী সংগঠনটোৱে কয় যে ‘অসমৰ সম্পদ অবৈধ লুণ্ঠন কৰি থকা উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেডৰ চৰম গাফিলতিৰ বাবে যোৱা ২৭ মে’ তাৰিখত তিনিচুকীয়া জিলাৰ বাঘজানস্থিত বি জি আৰ ৫ নম্বৰ তৈলকূপত ভয়ংকৰ বিস্ফোৰণৰ হোৱাত অধিক উচ্চ চাপত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু গেদীয় পদাৰ্থ সমগ্ৰ অঞ্চলজুৰি বিয়পি পৰাৰ ফলত উক্ত অঞ্চলৰ জনজীৱনৰ লগতে পশ্চিমে অঞ্চলটোৰ লগতে লাগি থকা মাগুৰি-মতাপুং জলাশয়  তথা উত্তৰে ইয়াৰ কাষতে থকা ডিব্ৰু-ছৈখোৱা জাতীয় উদ্যানৰ জৈৱ বৈচিত্ৰ বধ্যভূমিত পৰিণত হোৱাৰ লগতে বিভিন্ন পশু-পক্ষীৰ আৰু আপুৰুগীয়া শিশুৰ মৃত্যু মুখত পৰিছে।’

 

অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ বাবেই গেছ নিগৰ্মৰ ফলত শেহতীয়াকৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অঞ্চলটোৰ একেটা পৰিয়ালৰে পাঁচ লোকৰ লগতে দুজনকৈ অইল ইণ্ডিয়াৰ কৰ্মচাৰীয়ে অকাল মৃত্যুক আকোৱালি ল’ব লগা হ’ল বুলি অভিযোগ কৰি ইয়াক এক অপৰাধ হিচাপে গণ্য কৰা হৈছে বুলি জনাইছে বিদ্ৰোহী সংগঠনটোৱে।

আনহাতে ৰাষ্ট্ৰই অসমৰ সম্পদ লুণ্ঠনৰাজ চলাই অসমৰ জৈৱ বৈচিত্ৰক বিনস্ত কৰি অসমৰ জনজীৱন বিপন্ন কৰি অহা কথাটো অসমৰ থলগিৰি জনসাধাৰণে বুজি নেপায় বুলিও অভিযোগ কৰিছে সংগঠনটোৱে।

ইফালে অইল ইণ্ডিয়া লিমিটেডক অসমত নতুনকৈ প্ৰাকৃতিক সম্পদ অন্বেষণ কৰাৰ কাৰ্যক বন্ধ কৰিবলৈ সকিয়নি দিছে আলফা(স্বা)এ।

সংগঠনটোৱে কয় যে অইল ইণ্ডিয়া লিমিটেড অসমত প্ৰাকৃতিক গেছ আৰু তেল নতুনকৈ অন্বেষণ আৰু উত্তোলন কৰা কাৰ্যক কোনো কাৰণতেই আলফা(স্বা)এ সহ্য নকৰে।

যদি অইল ইণ্ডিয়া লিমিটেডএ অসম বিৰোধী এনে কোনো কাম কৰে তেতিয়া আলফা(স্বা)এ যিকোনো মূল্যৰ বিমিয়মত সেয়া কঠোৰভাৱে প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰিছে বিবৃতিটোত।