NORTHEAST NOW (Assamese)

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am · এন ই নাও নিউজ, গুৱাহাটী

সাম্প্ৰতি উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিয়ে জনজীৱন দুৰ্বিষহ কৰি তুলিছে। ঘৰ-বাৰী, খেতি-পথাৰ, ৰাস্তা-ঘাট প্লাৱিত হৈ বহু মানুহ আশ্রয় শিবিৰত আশ্ৰয় লোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে। এনে ভয়াবহ বান পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি অর্থাৎ ইউনিচেফে বানাক্ৰান্ত ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰকাশ কৰা নিৰ্দেশনাৱলীৰ বিষয়ে জানো আহক। বানপানীৰ ফলত সৃষ্টি হ’ব পৰা পানীৰ যোগেদি বিয়পা ৰোগ, খাদ্যৰ প্ৰদূষণ, দুৰ্ঘটনা আৰু আন বিপদজনক পৰিস্থিতিৰ পৰা জনসাধাৰণক, বিশেষকৈ শিশু আৰু নাৰীক ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰকাশ কৰা এই নিৰ্দেশনাৱলীৰ বিষয়ে অবগত থকাটো এতিয়া অতি জৰুৰী হৈ পৰিছে।

 

বানপানীৰ পূৰ্বে ল’বলগীয়া প্ৰস্তুতি সন্দৰ্ভত ইউনিচেফে জনসাধাৰণক স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰ, ৰেডিঅ’ আৰু ম’বাইল বাৰ্তাৰ জৰিয়তে বতৰৰ শেহতীয়া খবৰ তথা বান সতৰ্কবাণীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ পৰামৰ্শ দিছে। জৰুৰীকালীন অৱস্থাত আশ্ৰয় ল’ব পৰা ওখ স্থান আৰু নিৰাপদ শিবিৰসমূহৰ অৱস্থানৰ বিষয়ে পূৰ্বেই অৱগত হোৱাটো অতি প্ৰয়োজনীয় বুলি কোৱা হৈছে। ইয়াৰ লগতে পৰিয়াল, বন্ধুবৰ্গ আৰু জৰুৰীকালীন সেৱাৰ দূৰভাষ নম্বৰসমূহ সংগ্ৰহ কৰি ৰখাৰ লগতে যোগাযোগ অব্যাহত ৰাখিবলৈ ম’বাইল ফোনসমূহ সম্পূৰ্ণৰূপে চাৰ্জ কৰি ৰখাৰ আহ্বান জনোৱা হৈছে। প্ৰশাসনে নিৰ্দেশ দিয়াৰ লগে লগে স্থান ত্যাগ কৰিব পৰাকৈ এটা জলৰোধী বেগত পৰ্যাপ্ত পৰিমাণৰ খাদ্য, পানী, ঔষধ, পৰিচয়পত্ৰ, টৰ্চলাইট আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীৰে এটা জৰুৰীকালীন কিট সাজু কৰি ৰখাটো অতি আৱশ্যক।

 

বানপানীৰ সময়ত স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা কঠোৰভাৱে মানি চলাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। কৰ্তৃপক্ষই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে মুহূৰ্ততে জৰুৰীকালীন কিট আৰু পৰিচয়পত্ৰসমূহ লৈ নিৰাপদ স্থানলৈ যোৱা উচিত। ঘৰ এৰাৰ পূৰ্বে সুৰক্ষিত যেন অনুভৱ কৰিলে বৈদ্যুতিক সঁজুলিসমূহৰ সংযোগ বিছিন্ন কৰাৰ লগতে গেছ আৰু পানীৰ যোগান বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বানৰ পানীৰ মাজেৰে খোজকঢ়া, সাঁতোৰা বা বাহন চলোৱাৰ পৰা বিৰত থাকিবলৈ সংস্থাটোৱে সকীয়াই দিছে। যদি কোনো লোক বাহন বা আৱাসিক ভৱনত আৱদ্ধ হৈ পৰে, তেন্তে তেওঁলোকক ততাতৈয়াকৈ সৰ্বোচ্চ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ পানীয়ে আৱৰ্জনা আৰু জীৱাণু কঢ়িয়াই অনাৰ বাবে শিশুক এনে পানীৰ পৰা আঁতৰাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

 

পৰিস্থিতি সম্পূৰ্ণ নিৰাপদ বুলি কৰ্তৃপক্ষই ঘোষণা নকৰা পৰ্যন্ত বানাক্ৰান্তসকলক নিজৰ বাসগৃহলৈ ঘূৰি নাযাবলৈ ইউনিচেফে আহ্বান জনাইছে। বানৰ পানীয়ে কলেৰা, টাইফয়েড, ডেংগু আৰু মেলেৰিয়াৰ দৰে মাৰাত্মক ৰোগ কঢ়িয়াই অনাৰ আশংকা থকাৰ বাবে সঘনাই চাবোন আৰু পৰিষ্কাৰ পানীৰে হাত ধোৱা অভ্যাস কৰাটো জৰুৰী। পানীৰ সংস্পৰ্শলৈ আহিলে শীঘ্ৰে গা ধোৱাৰ ব্যৱস্থা কৰিব লাগে। খোৱাপানী আৰু ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা পানী কমেও তিনি মিনিট সময় উতলাই লোৱাটো বাধ্যতামূলক বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। বানৰ পানীৰ সংস্পৰ্শলৈ অহা যিকোনো খাদ্য পেলাই দিবলৈ আৰু ক্ষতিগ্ৰস্ত স্থানসমূহ চৌবিছৰ পৰা আঠচল্লিছ ঘণ্টাৰ ভিতৰত শুকুৱাই তুলি দূষিত সামগ্ৰীসমূহ আঁতৰাবলৈ কোৱা হৈছে।

 

বানপানীয়ে বিশেষকৈ শিশুসকলৰ মনত গভীৰ নেতিবাচক প্ৰভাৱ আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে বুলি ইউনিচেফে সতৰ্ক কৰি দিছে। এনে পৰিস্থিতিত শিশুৱে যাতে নিজৰ মনৰ ভাৱ নিৰাপদে প্ৰকাশ কৰিব পাৰে, তাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন। তেওঁলোকক সাহস প্ৰদান কৰাৰ লগতে সম্ভৱপৰ ক্ষেত্ৰত নিয়মীয়া জীৱনশৈলী বজাই ৰাখিবলৈ যত্ন কৰিব লাগে আৰু কোনো মানসিক অস্থিৰতাৰ লক্ষণ দেখা দিলে লগে লগে গুৰুত্ব প্ৰদান কৰিব লাগে। পৰিয়ালৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি চৰকাৰী পৰামৰ্শসমূহ কঠোৰভাৱে পালন কৰিবলৈ আৰু এই গুৰুত্বপূৰ্ণ তথ্যসমূহ প্ৰভাৱিত অঞ্চলৰ লোকসকলৰ মাজত বহুলভাৱে প্ৰচাৰ কৰিবলৈ সংস্থাটোৱে সকলোকে আহ্বান জনাইছে।

Related News