Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

কলিয়াবৰ: Sensational Murder বঢ়মপুৰৰ মাজপুটনিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।

বিশেষভাবে সক্ষম এগৰাকী মহিলাক ডিঙি কাটি হত্যা কৰে কোনো অচিনাক্ত দুৰ্বৃত্তই।

লগতে পঢ়ক: New GST Rule: পেকেট যুক্ত চাউল, আটা, পনীৰ, দৈ, গুৰ, কি কি বস্তুৰ দাম বৃদ্ধি হ’ব?

মঙ্গলবাৰে নিশাই হত্যাকাণ্ডটি সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

মৃত ৪৫ বছৰীয়া অবিবাহিত মহিলা গৰাকীৰ নাম বিজু বৰা।

বিগত বহু দিন ধৰি মহিলা গৰাকী অকলশৰে বাস কৰি আহিছিল নিজা ঘৰটোত।

স্নিফাৰ ডগ আনি হত্যাকাৰীৰ ক্লু বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।