পিছুৱাই দিয়া হ’ল এইবাৰৰ NEET-PG পৰীক্ষা; মানি ল’লে বহু MBBS ইন্টাৰ্ণৰ দাবী!

NEET-PG-

প্রতিনিধিত্বমূলক ফটো।

মেডিকেলৰ স্নাতকোত্তৰত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা-ও-প্ৰৱেশ পৰীক্ষা অৰ্থাৎ NEET-PG-২০২২ স্থগিত ৰখাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।

NEET-PG পৰীক্ষা স্থগিত ৰখাৰ বাবে অনুৰোধ জনাই দিয়া আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে হেলথ ছায়েন্সৰ ডিৰেক্টৰ জেনেৰেলে ৰাষ্ট্ৰীয় পৰীক্ষা বোৰ্ডক এই পৰীক্ষা স্থগিত ৰখাৰ বাবে নিৰ্দেশ দিছে।

সেই অনুসৰি, এতিয়া অহা ১২ মাৰ্চৰ পৰা এই পৰীক্ষা অনুষ্ঠিত নহয়। তাৰ পৰিৱৰ্তে অন্তত: ছয়ৰ পৰা আঠ মাহলৈকে পিছুৱাই দিয়া হ’ব এই পৰীক্ষা।

লগতে পঢ়ক: মৰ্মান্তিক! পুনেত নিৰ্মীয়মান অট্টালিকাৰ শ্লেব ভাঙি পৰি নিদ্ৰাৰত ৬জন শ্ৰমিকৰ মৃত্যু

উল্লেখ্য যে NEET-PGৰ কাউন্সেলিঙৰ সৈতে NEET-PG পৰীক্ষাৰ দিন একে হোৱাত এই পৰীক্ষা পিছুৱাই দিয়াৰ বাবে অনুৰোধ কৰা হৈছিল। ১২ মাৰ্চত পৰীক্ষা অনুষ্ঠিত হ’লে বহু ইন্টাৰ্ণে পিজি কাউন্সেলিঙত ভাগ ল’ব নোৱাৰিলেহেঁতেন।

এতিয়া চলিত বৰ্ষৰ মে বা জুন মাহৰ ভিতৰত এই বছৰৰ NEET-PG পৰীক্ষা অনুষ্ঠিত হ’ব। সেয়ে, এমবিবিএছ তথা ইন্টাৰ্ণসকলে এই পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিব।