অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

UP Couple Kills Daughter

এগৰাকী ২১ বছৰীয়া যুৱতীৰ তেওঁৰ সৈতে গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ পিছতে যুৱতীগৰাকীক নিজ পিতৃ-মাতৃয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উঠিছে। যুৱতীগৰাকী কোনো ব্যক্তিৰ সৈতে সম্পৰ্কত থকাৰ সন্দেহত তথা বিবাহ বহিৰ্ভূত গৰ্ভাৱস্থাৰ সন্দেহত পৰিয়ালৰ সন্মান ৰক্ষাৰ্থে এই হত্যাকাণ্ড কৰা বুলি অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ ভাষ্য মতে, হত্যাৰ পিছত দুগৰাকী আত্মীয়ৰ সহায়ত যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে মৃতদেহটো চিনাক্ত কৰিব নোৱাৰাকৈ এচিড ঢালি দিয়ে আৰু তাৰ পিছত জনশূন্য ঠাইত পেলাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে চাৰিওগৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ টেন শ্বাহ আলামাবাদ নামৰ এখন গাঁৱত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গাঁওখনৰ নৰেশ নামৰ এগৰাকী স্থানীয় লোকে যোৱা ৩ ফেব্ৰুৱাৰীত কন্যাৰ নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰিছিল।

মঙলবাৰে আৰক্ষীয়ে গাঁৱৰ কাষৰে এটা খালৰ পৰা যুৱতীগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, তদন্তৰ সময়ত নৰেশ আৰু তেওঁৰ পত্নী শোভা দেৱীয়ে যোৱা ৩ ফেব্ৰুৱাৰীত তেওঁলোকৰ ঘৰত কন্যাক ডিঙি চেপি হত্যা কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষী অধীক্ষক বৃজেশ কুমাৰ শ্ৰীবাস্তৱে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, “যুৱতীগৰাকীৰ পৰিচয় লুকুৱাবলৈ তেওঁলোকে মৃতদেহত বেটাৰী এচিড ঢালি দিছিল। নৰেশৰ দুই ভাতৃ গুলাব আৰু ৰমেশেও মৃতদেহ লুকুৱাই ৰখাত সহায় কৰিছিল।”

ইফালে অভিযুক্ত নৰেশে আৰক্ষীৰ আগত তেওঁৰ কন্যাই পূৰ্বে বহু ল’ৰাৰ সৈতে মোবাইল ফোনত কথা পাতিছিল বুলি উল্লেখ কৰিছিল।

যুৱতীগৰাকীৰ ওচৰত কিছুমান গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবে নৰেশে তেওঁৰ কন্যাৰ কোনোবা ল’ৰাৰ সৈতে সম্পৰ্ক থকা তথা অবৈধ মাতৃত্ব বহন কৰা বুলি সন্দেহ কৰি সন্মান ৰক্ষাৰ বাবে হত্যা কৰিছে বুলি আৰক্ষী অধীক্ষক শ্ৰীবাস্তৱে কয়।