• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিভা প্ৰকাশ কৰি বিপদহে আহিল! বাহনক হেলিকপ্টাৰৰ ৰূপ দি আইনী ৰোষত ‘উদ্ভাৱক‘

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2024 7:43 pm
Man Modifies Car Into 'Chopper'
4.8k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ এজন ব্যক্তি। উদ্ভাৱনী চিন্তা, প্ৰতিভা আৰু উদ্যমী শক্তিৰে এই ব্যক্তিজনে নিজৰ বাহনখনক এক অভিনৱ ৰূপত সাজি উলিওৱাৰ পৰিকল্পনা কৰে। এই পৰিকল্পনাক তেওঁ সাকাৰ ৰূপো দিয়ে।

ব্যক্তিজনে অশেষ কষ্টৰে ২.৫০ লাখৰো অধিক টকা খৰচ কৰি নিজৰ বাহনখনক হেলিকপ্টাৰৰ ৰূপ দি লয়। বাহনখনৰ ওপৰ অংশত তেওঁ ৱেল্ডিঙৰ সহায়ত হেলিকপ্টাৰৰ দৰে পাংখা সংযোগ কৰাৰ লগতে পিছফালেও হেলিকপ্টাৰৰ অনুৰূপ কৰি গঢ় দি লয়।

নাম তেওঁৰ ঈশ্বৰ দীন। ইশ্বৰৰ পৰিকল্পনা আছিল, এই বাহনখনৰ জৰিয়তে তেওঁ ব্যৱসায় কৰিব; বিয়া বা অন্যান্য অনুষ্ঠানৰ বাবে যাতায়তৰ মাধ্যম হিচাপে বাহনখন ভাড়াত দিব। পিছে তেওঁৰ এই প্ৰচেষ্টা তথা পৰিকল্পনা পৰিল পানীত।

এই অভিনৱ উদ্ভাৱনৰ বাহনখনত ৰং কৰাৰ উদ্দেশ্যে গেৰেজলৈ গৈ থকা অৱস্থাতে যান-বাহন আৰক্ষীয়ে তেওঁক বাটতে ৰখায়। মটৰ গাড়ী আইনৰ অধীনত উপযুক্ত অনুমোদন অবিহনে বাহনখনক এনে ৰূপত গঢ়ি তোলাৰ বাবে তেওঁক জৰিমনা বিহা হয়।

তেওঁৰ এই অনন্য বাহনখনো আৰক্ষীয়ে জব্দ কৰে আৰু জৰিমনা পৰিশোধ কৰাৰ পিছত মুকলি কৰি দিয়ে। এই সন্দৰ্ভত ঈশ্বৰে কয় যে বিয়াৰ বতৰত কিছু অতিৰিক্ত ধন উপাৰ্জন কৰাৰ উদ্দেশ্যে তেওঁ এনেদৰে বাহনখনক গঢ় দি লৈছিল।

Brothers in UP's Ambedkar Nagar convert Maruti Suzuki Wagon R into a  helicopter, police seize the vehicle | Trending - Hindustan Times

আৰক্ষীয়ে ২০০০ টকাৰ চালান জাৰি কৰি গাড়ীৰ পিছফালৰ অংশ আঁতৰাবলৈ নিৰ্দেশ দিয়া বুলি ইশ্বৰে লগতে কয়। বাহনখন এনে ৰূপ দিয়াৰ বাবে ২.৫ লাখ টকা বিনিয়োগ কৰাৰ লগতে দিনে নিশাই কাম কৰা বুলি ইশ্বৰে লগতে কয়।

তেওঁ লগতে কয় যে বাহনখন কেৱল বিয়াৰ বতৰতহে ব্যৱহাৰ কৰাৰ উদ্দেশ্য আছিল; আন সময়ত পথত সাধাৰণকৈ চলাচল নকৰে। বিহাৰ আৰু প্ৰতাপগড়ৰ দৰে অন্যান্য অঞ্চলতো অনুৰূপ বাহন চলি থকাৰ কথাও তেওঁ আঙুলিয়াই দিয়ে।

এতিয়া আম্বেদকাৰ নগৰৰ এখন থানাৰ বাহিৰত পাৰ্কিং কৰি থোৱা ইশ্বৰৰ এই অভিনৱ সৃষ্টিৰ এটা ভিডিঅ‘ নেটিজেনৰ মাজত ব্যাপক চৰ্চাৰ কাৰণ হৈ পৰিছে। নেটিজেনে এই বাহনখনক লৈ নানা মন্তব্য কৰা পৰিলক্ষিত হৈছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd