লকডাউন ভংগ কৰি গ্ৰেপ্তাৰ হ’ল বিধায়ক

1-33-1140x570

প্রতিনিধিত্বমূলক ফটো

কোভিড-১৯ৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ নিয়ম ভংগ কৰি গ্ৰেপ্তাৰ হৈছে এগৰাকী বিধায়ক।

উত্তৰ প্ৰদেশৰ বিজন’ৰ জিলাৰ নাজিবাবাদত সোমবাৰে লকডাউন ভংগ কৰাৰ বাবে আন ছয়গৰাকী ব্যক্তিৰ লগতে নিৰ্দলীয় বিধায়ক অমন মনি ত্ৰিপাঠীক গ্ৰেপ্তাৰ কৰা হয়।

বিধায়কগৰাকীৰ দুখন বাহনো জব্দ কৰা হৈছে বুলি আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে বিজন’ৰ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত বিধায়কগৰাকীক ৰখোৱা হয়।

তেওঁ আৰক্ষীক কোনো ভ্ৰমণৰ অনুমতি পত্ৰ দেখুৱাব পৰা নাছিল।

বিধায়কগৰাকী গ্ৰেপ্তাৰৰ সময়ত উত্তৰাখণ্ডৰ পৰা ঘুৰি আহি আছিল।

তেওঁক মহামাৰী আইন (Epidemic Act)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

অলপতে বিয়োগ ঘটা মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ পিতৃৰ বাবে প্ৰাৰ্থনা জনাবলৈ বদ্ৰীনাথলৈ যোৱাৰ দাবী কৰি বিধায়কগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ বাখ্যা আগবঢ়াবলৈ চেষ্টা কৰাৰ কেইঘন্টামানৰ পাছতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।