মিছা কথাৰে প্ৰলোভনকাৰী বিজ্ঞাপনৰ বাবে হ’ব পাৰে ৫ বছৰ জেইল; ৫০ লাখ টকাৰ জৰিমনা

images

প্ৰতিনিধিত্বমূলক ফটো

সাধাৰণতে টিভিৰ পৰ্দাত চকু থ’লেই দেখা পোৱা বা বাতৰিকাকত মেলিলেই দেখা কিছুমান চমক ভৰা অথচ সামঞ্জস্যহীন বিজ্ঞাপন চকুত পৰে।

কোনোবাটোত যদি এই তেলটো মূৰত ঘহিলেই চুলি গজে বুলি কৈছে, আন এটাত কোৱা হৈছে এই ক্ৰমীটো ঘহিলেই আপোনাৰ ক’লা ৰং বগা হৈ যাব।

আনকি যৌনশক্তি বৃদ্ধিৰ বাবে তথা দেহৰ ক্লান্তি নাশ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ঔষধৰ বিজ্ঞাপনো দেখা যায়।

তদুপৰি, সাম্প্ৰতিক সময়ত বিজ্ঞাপনৰ বজাৰত মধুমেহ, আৰ্থাৰাইটিছ, আনকি কেঞ্চাৰ আদিৰ দৰে ৰোগ নিৰাময়ত যাদুকৰী কাম কৰা দৰৱৰ বিজ্ঞাপনো সুলভ।

এইবোৰ পণ্য সামগ্ৰীৰ বিজ্ঞাপনৰ ওপৰত এইবাৰ কঠোৰ নিয়ন্ত্ৰণৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

এনেকুৱা প্ৰলোভিত কৰা, অবাস্তৱ বিজ্ঞাপনৰ চমকৰ জৰিয়তে চলোৱা ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ বাবে আইন সংশোধন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

পুৰণি আইনত শাস্তিৰ বিধান আছিল তেনেই নগন্য। কিন্তু এইবাৰ সেয়া সৰ্বাধিক ৫ বছৰৰ জেইল তথা ৫০ লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা কৰি বৃদ্ধি কৰিব বিচৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ১৯৫৪চনৰ দ্ৰাগছ এণ্ড মেজিক ৰিমেডিজ (অৱজেকশ্যনেব’ল এডভৰ্টেইজমেন্ট) আইন কঠোৰ কৰি তুলিবলৈ বৰ্তমান সংশোধনী খচৰা বিধেয়ক প্ৰস্তুত কৰিছে।

২০২০ৰ এই প্ৰস্তাৱিত খচৰা বিধেয়ক নিজৰ ৱেবছাইটত প্ৰকাশ কৰি অহা ১৯ মাৰ্চৰ ভিতৰত মন্ত্ৰ্যালয়ে নাগৰিকসকলৰ পৰা পৰামৰ্শ বা আপত্তি বিচাৰি আহ্বান জনাইছে।

খচৰা অনুসৰি, ৭৮ টা ধৰণৰ বেমাৰ বা সমস্যা (পূৰ্বে ৫৪টা আছিল) নিৰাময়ত বিভ্ৰান্তিকৰ মনোৰোভা বিজ্ঞাপন কোনো মিডিয়াত প্ৰকাশ পাব নোৱাৰিব।

চলিত আইনত প্ৰথম দুবাৰলৈ আইন উলংঘাৰ শাস্তি ক্ৰমে ছয় মাহ আৰু এবছৰৰ জেইল আছিল আৰু জৰিমনাৰ কোনো ব্যৱস্থা উল্লেখ নাছিল।

প্ৰস্তাৱিত সংশোধনী খচৰাত আইন উলংঘাৰ শাস্তি প্ৰথম দুবছৰৰ জেইল আৰু ১০ লাখ টকাৰ জৰিমনা কৰা হৈছে। সেইদৰে পুনৰাবৃত্তিৰ ক্ষেত্ৰত সেয়া পাঁচ বছৰৰ জেইল আৰু ৫০ লাখ টকাৰ জৰিমনা পৰ্যন্ত কৰা হৈছে।

স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি যোৱা ডেৰ বছৰত এনে বহু পণ্য সামগ্ৰীৰ তথা ঔষধৰ অবান্তৰ বিজ্ঞাপন আৰু ইয়াৰ কুপ্ৰভাৱৰ বিষয়ে হাজাৰোধিক অভিযোগ পত্ৰ চৰকাৰৰ হাতত জমা পৰি আছে।