NORTHEAST NOW (Assamese)

বিজেপিৰ লিগেল চেলৰ বিৰুদ্ধে গোচৰ তৰিব উপমন্যু হাজৰিকাই

April 8, 2019 2:56 pm · কল্পজ্যোতি শইকীয়া
সোমবাৰে উজান বজাৰৰ প্ৰব্ৰজন বিৰোধী মঞ্চৰ কাৰ্যালয়ত উপমন্যু হাজৰিকাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

‘’মোৰ বিৰুদ্ধে মিছা তথ্য দি গোচৰ তৰি বিজেপিৰ লিগেল চেলে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিছে। ভুৱা তথ্য দি ৰাইজক আভুঁৱা ভৰাটো ভাৰতীয় জনতা পাৰ্টীৰ স্বভাৱত পৰিণত হৈছে,’’- উজানবজাৰৰ প্ৰব্ৰজন বিৰোধী মঞ্চৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এইদৰে কয় গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই।

বিজেপিৰ লিগেল চেলে স্বয়ং মিছা গোচৰ তৰি এটা অপৰাধ কৰা বুলি উল্লেখ কৰি উপমন্যু হাজৰিকাই বিজেপিৰ লিগেল চেলৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত অতি সোনকালে গোচৰ দিব বুলিও জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, দেওবাৰে বিজেপিৰ লিগেল চেলৰ বেণুধৰ নাথে নিউ গুৱাহাটী তিনিআলি বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা নিৰ্বাচনৰ নথি পত্ৰ হেৰুওৱা বুলি নুনমাটি থানাত ওটা গোচৰ ৰুজু কৰিছিল।

“বিজেপিৰ লিগেল চেলৰ আহ্বায়ক বেণুধৰ নাথ এজন অধিবক্তা হৈয়ো মিছা অভিযোগ আনি ফাণ্ডত পৰিছে,”-হাজৰিকাই কয়।

ইপিনে, আজি যুটীয়া জিলা আৰক্ষী আয়ুক্তই হাজৰিকাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু হোৱা বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰে।

“অবৈধ গোচৰত মোক গ্ৰেপ্তাৰ কৰিব আহিলেও মই জামিন নলওঁ, আহক মোক ধৰিবলৈ। মোক ধৰক, ভাবিছে নেকি মই ভয় খাইছো বুলি। কেইদিন মোক জেলত সুমুৱাই ৰাখে চাওঁ,”- এইদৰে প্ৰত্যাহ্বান জনাই কয় হাজৰিকাই।

আনহাতে, হাজৰিকাই যুটীয়া আৰক্ষী আয়ুক্ত গৰাকীক বদলি কৰিবৰ বাবে নিৰ্বাচনী আয়ুক্তক আহ্বান জনাব বুলিও তেওঁ সংবাদমাধ্যমক জানিবলৈ দিয়ে। তদুপৰি, বৰ্তমানলৈকে নুনমাটি আৰক্ষীয়ে তেওঁৰ ভাষ্য লোৱা নাই বুলি হাজৰিকাই কয়।

হাজৰিকাই লগতে কয়, “নুনমাটিৰ পৰা ভৰলুমুখলৈকে কৰা আমাৰ পদযাত্ৰা বিয়লি ৩ বজাৰ পৰা আৰম্ভ হৈছিল আৰু ৩:৩০ বজাত বিজেপি দলৰ মুকলি কাৰ্য্যালয়ত প্ৰৱেশ কৰিছিলো। এই সমগ্ৰ ঘটনা ফেইচবুক লাইভ কৰা হৈছিল। কিন্তু তেওঁলোকে আমাক ১:০০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত কাৰ্যালয়ত প্ৰৱেশ কৰা বুলি এজাহাৰত উল্লেখ কৰে।”

তদুপৰি, উক্ত কাৰ্যালয়ৰ বেৰত কেইখনমান বেনাৰ পোষ্টাৰৰ বাহিৰে যে সম্পূৰ্ণ খালী আছিল সেয়া ফেইচবুক লাইভত স্পষ্ট হৈ পৰা বুলিও হাজৰিকাই দাবী কৰে।

Related News