এন আৰ চিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ আত্মবিশ্বাস আৰু আত্মবল ভংগ কৰিলে বুলি মত দাঙি ধৰিছে এন আৰ চিৰ তালিকাক লৈ অসন্তুষ্টসকলৰ এজন উপমন্যু হাজৰিকাই।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাজনে আজি এন আৰ চি বিষয়ত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে।
”১৯৭১-ৰ ভিত্তিবৰ্ষই খিলঞ্জীয়াৰ লোকচানহে কৰিলে”, পূৰ্বৰ পৰাই ভিত্তিত বৰ্ষক লৈ প্ৰৱল আপত্তি কৰি অহা হাজৰিকাই সংবাদমেলত কয়।
প্ৰধানকৈ আছুৰ নেতৃত্বক ইয়াৰ বাবে জগৰীয়া কৰি তেওঁ এই বিফলতা দায়িত্ব আছুৱে ল’বই লাগিব বুলি দাবী কৰে।
এন আৰ চি প্ৰকাশৰ পিছত ৰহস্যজনকভাৱে মৌন হৈ পৰা সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি জ্যেষ্ঠ অধিবক্তাজনৰ মন্তব্য, “যি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন আৰ চিখন খিলঞ্জীয়াৰ অস্তিত্বৰ দলিল বুলি শলাগিছিল, তেওঁ এতিয়া চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছত ইয়াৰ দায়িত্বৰ পৰা গা এৰা দি উচ্চতম ন্যায়ালয় আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ ঠেলিছে।”
খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্নত পূৰ্বৰ পৰা মাত মাতি অহা হাজৰিকাই প্ৰসংগটো পুনৰ উত্থাপন কৰি কয়, এই সময়ত অসমৰ সকলো খিলঞ্জীয়াই বিশেষকৈ দায়িত্ব ল’ব পৰাসকলে ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস কৰিব লাগিব।
“আমি আত্মবিশ্বাস আৰু আত্মবল নেহেৰুৱাই বিগত ৪০ বছৰৰ ভুলৰ পৰা শিক্ষা লৈ উচিত পদক্ষেপৰে আগ বাঢ়িব লাগিব, এই ক্ষেত্ৰত নেতৃত্বৰ লগতে খিলঞ্জীয়া ৰাইজৰো যথেষ্ট কৰণীয় আছে”, হাজৰিকাৰ মন্তব্য।
চৰকাৰৰ গাদী শুৱনি কৰি থকা মন্ত্ৰী, বিধায়কসকলে এন আৰ চিক লৈ ক্ষোভ প্ৰকাশ কৰাক সমালোচনা কৰি কয়, “যদিহে তেওঁলোকে ঘঁৰিয়ালৰ চকুপানী টোকা নাই আৰু শুদ্ধ উপলব্ধি কৰিছে তেতিয়া হ’লে তেওঁলোকৰ দায়িত্ব হ’ল নিজৰ বিফলতা স্বীকাৰ কৰা।”
এন আৰ চি সম্পূৰ্ণ শুদ্ধ হোৱা হ’লেও খিলঞ্জীয়াক সংখ্যালঘু হোৱাৰ পৰা বচাব নোৱাৰিলে হেঁতেন বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বাবে “আইনী ৰক্ষাকৱচ” অপৰিহাৰ্য্য বুলি কয়।