গুৱাহাটী সমষ্টিত যুঁজিব প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই

Upamanyu Hazarika

আজি সংবাদমেলত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা।

অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ ৰক্ষাৰ হকে কাম কৰি থকা বুলি দাবী কৰা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল দি এই কথা ঘোষণা কৰিছে হাজৰিকাই নিজে।

হাজৰিকাই জনোৱা মতে, তেওঁ যদিও প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক, নিৰ্দলীয় হিচাপেহে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এই ক্ষেত্ৰত প্ৰব্ৰজন বিৰোধী মঞ্চই তেওঁক সমৰ্থন কৰিব বুলি কয়।

মন কৰিব লগীয়া যে ২০ ফেব্ৰুৱাৰিত হাজৰিকাই এখন সংবাদমেল দি অগপ, কংগ্ৰেছ, বিজেপি কোনোখন চৰকাৰেই খিলঞ্জীয়াৰ বাবে একো নকৰিলে বুলি অভিযোগ কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিছিল। আনহাতে পুনৰ শাসনলৈ আহিলেই ‘হিন্দু বাংলাদেশীক নাগৰিকত্ব দিমেই’ বুলি কোৱা বিজেপিক বাধা দিয়াৰ বাবে নিৰ্বাচনত নমাৰ আন বিকল্প নাই বুলিও সংবাদমেলত জনাইছিল হাজৰিকাই।

২০ ফেব্ৰুৱাৰিৰ সংবাদমেল যোগে নেতাজনে বিজেপিৰ চৰকাৰখনক খিলঞ্জীয়া লোকৰ তিনিটা দাবী পূৰণৰ বাবে এসপ্তাহ সময়সীমা বান্ধি দি অন্যথা বিজেপিক নিৰ্বাচনত প্ৰত্যাহ্বান জনাব বুলি হুংকাৰ দিছিল। কিন্তু তেওঁৰ সেই দাবীৰ প্ৰতি কাণসাৰ নিদিলে বিজেপি চৰকাৰখনে।

“খিলঞ্জীয়া লোকৰ তিনিটা দাবী পূৰণৰ বাবে চৰকাৰক এসপ্তাহ সময়সীমা বান্ধি দিয়া হৈছিল। যোৱা ২ মাৰ্চত সময়সীমা উকলি গ’ল”, আজি সংবাদমেলখনত হাজৰিকাই কয়।

হাজৰিকাই জনোৱামতে, আগন্তুক লোকসভা নিৰ্বাচনত আন বহুকেইটা সমষ্টিতে মঞ্চ সমৰ্থনত প্ৰাৰ্থী নিৰ্বাচনত থিয় দিব পাৰে বুলিও ইংগিত দিয়ে। অৱশ্যে এইটো কথাত এতিয়াও ছবি স্পষ্ট হোৱা নাই।