NORTHEAST NOW (Assamese)

গৱেষক-ভাষাবিদ ড০ উপেন ৰাভা হাকাচামলৈ ‘ঐক্য সমন্বয় বঁটা’

December 26, 2018 12:57 pm · এন ই নাও নিউজ
Updated: December 26, 2018 1:03 pm
ফটোৰ উৎস : ফেইচবুক।

শিৱসাগৰৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্য’ই ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫ ডিচেম্বৰত গৱেষক-ভাষাবিদ ড° উপেন ৰাভা হাকাচামক ‘ঐক্য সমন্বয় বঁটা’ প্ৰদান কৰে। ২৫ ডিচেম্বৰত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত হাকাচামক এই বঁটা প্ৰদান কৰা হয়। বঁটাত আছে এক লাখ টকা আৰু প্ৰশস্তি পত্ৰ।

বঁটা প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই হাকাচামৰ কামৰ প্ৰশংসা কৰি কয় যে ড০ উপেন ৰাভা হাকাচামক সমন্বয়ৰ বঁটা প্ৰদান কৰি ঐক্যই বৰ ভাল কাম কৰিছে। “আমি সকলোৱে দৃষ্টিভংগি সলাব লাগিব। বিচ্ছিন্নতাৰ মানসিকতাৰ পৰা আমি আঁতৰি থাকিব লাগিব। আমি ভাল পাবলৈ শিকিব লাগিব।” ডেকাই কয়।

আনহাতে বঁটা গ্ৰহণ কৰি ড০ হাকাচামে কয় যে এই বঁটাৰ বাবে তেওঁক বাছনি কৰাত তেওঁ আচৰিত হৈছে। এই বঁটাৰ প্ৰতিদান দিব পৰাকৈ নিজৰ সামৰ্থ্যৰ কথা ভাবি তেওঁৰ বুকু দুৰু দুৰু কঁপিছে বুলি মন্তব্য কৰে।

“পাৰিম নে মই ২৫ বছৰীয়া ৰূপালী বৰ্ষ গৰকা অসমৰ সমন্বয় আৰু ঐক্যৰ হকে নীৰৱে কাম কৰি অহা শিৱসাগৰৰ চেনেহুৱা মৰমৰ প্ৰতিদান দিবলৈ, হেঁপেহুৱা প্ৰত্যাশা পূৰণ কৰিবলৈ।‘’ হাকাচামে কয়।

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি ড০ সমৰজ্যোতি মহন্ত, ঐক্যৰ সভাপতি ধনঞ্জয় শইকীয়াও উপস্থিত আছিল।

Related News