হাগ্ৰামাৰ ভয়, ভাবুকিৰ পৰা ৰাইজক উদ্ধাৰৰ বাবে য়ু পি পি এল ওলাই আহিছে; তামুলপুৰৰ বিশাল বাইক ৰেলীত প্ৰমোদ বড়ো

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ক্ৰমশঃ চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক  দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে।

আজি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে তামুলপুৰত এক বিশাল বাইক ৰেলী বাহিৰ কৰি শক্তি প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰে।

তামুলপুৰ মহকুমাৰ অধীনস্থ ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ সৌৰাগুৰিৰ  পৰা আৰম্ভ কৰা এই বিশাল বাইক ৰেলীত কেইবাহাজাৰ ইউপিপিএল দলৰ নেতা-কৰ্মী, সমৰ্থক আৰু প্ৰমোদ বড়ো সহ মুঠ পাঁচ গৰাকীকৈ প্ৰাৰ্থীয়ে ভাগ লয়।

বাইক ৰেলীটোৱে তামুলপুৰৰ গয়বাৰী সমষ্টিৰ উপৰি ২৬ নম্বৰ দৰঙাজুলি , ২৭ নম্বৰ নাগ্ৰীজুলি , ২৯ নম্বৰ শুক্লাই চেৰফাং আৰু ৩০ নম্বৰ গোৰেশ্বৰ সমষ্টি পৰিভ্রমণ কৰে।

বাইক ৰেলীটো উদ্বোধন কৰে প্ৰবীণ সাংস্কৃতিক কৰ্মী মদন মোহন শৰ্মাই।

উদ্বোধনী ভাষণত তেওঁ কয় যে, আজিৰ এই বাইক ৰেলীত ভাগ লোৱা হাজাৰ হাজাৰ জনতাই কৈ দিছে যে বিটিচিত এইবাৰ ধুমুহা আহিছে, বৰদৈচিলা আহিছে । পৰিৱৰ্তনৰ স্বাৰ্থত আজি ৰাইজ হিলদ’ল ভাঙি ওলাই আহিছে । এইবাৰৰ নিৰ্বাচনত ইউপিপিএল দলৰ অশ্বমেধৰ ঘোঁৰা কোনেও স্তব্ধ কৰিব নোৱাৰে।

ইপিনে সাংবাদিকৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে পুনৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

‘‘হাগ্ৰামা মহিলাৰীয়ে কেৱল নাটক কৰিব জানে, অভিযোগ কৰিব জানে হাগ্ৰামা মহিলাৰীৰ সোঁতৰ বছৰীয়া দুৰ্নীতি, অনিয়ম, ভ্রষ্টচাৰৰ বিৰুদ্ধে ৰাইজ আজি ৰাজপথলৈ  ওলাই আহিছে । তামুলপুৰ মহকুমাৰ পাঁচটা সমষ্টিৰ পাঁচটা সমষ্টিতে ইউপিপিএল দলৰ প্ৰাৰ্থী বিজয়ী হব’’ প্ৰমোদ বড়োই এইদৰে কয়।

বিটিচি নিৰ্বাচনত ইউপিপিএল দলে ৩০ খনতকৈ অধিক আসন লাভ কৰি বিটিচি পৰিষদ দখল কৰিব বুলিও বড়োই লগতে কয়। ।

‘‘ইউপিপিএল দলে সমমৰ্যাদা, সমঅধিকাৰ প্ৰদান কৰাৰ বাবে সকলো জাতি-জনগোষ্ঠীক হাগ্ৰামা মহিলাৰীৰ ভয়-ভাবুকি, শোষণৰ  পৰা উদ্ধাৰ কৰিবলৈ ইউপিপিএল দল নামি পৰিছে,’’ বড়োৱে পুনৰ কয়।