কোকৰাঝাৰত UPPL ৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ

a kokra

বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে কোকৰাঝাৰত UPPL ৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি  প্ৰমোদ বড়োই আজি বিয়লি চিৰাঙৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকাৰ সময়তে কোকৰাঝাৰ চহৰৰ পৰা ১২ কিলোমিটাৰ নিলগত থকা নায়েকগাঁওত দুৰ্বৃত্তই  বড়োৰ বাহনত আক্ৰমণ চলায়।

শিল, ইটা আদি নিক্ষেপ কৰি কৰা এই আক্ৰমণৰ ঘটনাত প্ৰমোদ বড়ো আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰে যদিও তেওঁৰ গাড়ী খনৰ চালক জন গুৰুতৰ ভাবে আহত হয়।

ঘটনাটোত প্ৰশাসনে প্ৰমোদ বড়োক প্ৰদান কৰা বুলেটপ্ৰুফ বাহন খনৰো বিস্তৰ ক্ষতিসাধন হয়।

কোকৰাঝাৰত উপস্থিত হৈ UPPL ৰ সভাপতি গৰাকীয়ে সাংবাদিকক কয় যে এই ঘটনা BPFৰ কৰ্মীয়ে সংঘটিত কৰিছে।

দুৰ্বত্তৰ বিৰুদ্ধে গুলীচালনা নকৰিবলৈ প্ৰমোদ বড়োই আৰক্ষীক বাধা দিয়াৰ কথাও নেতা গৰাকীয়ে উল্লেখ কৰে।

আনহাতে আজি বিয়লি প্ৰায় ৪.৩০ বজাত কোকৰাঝাৰৰ তিনিআলিত UPPL ৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মৰ ওপৰতো দুৰ্বত্তই আক্ৰমণ চলায়।

এই ঘটনাত প্ৰাৰ্থীগৰাকীৰ বাহন খন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

এই দুটা ঘটনাকে তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা UPPL ৰ প্ৰতিস্থাপক উৰ্খাও গৌড়া ব্ৰহ্মই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।