ভাৰতৰ এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমানৰ উৰণ বন্ধ কৰি দিয়াৰ হুমকি আমেৰিকাৰ

ভাৰতৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণৰ অভিযোগ উত্থাপন আমেৰিকাৰ

index.jpg09

মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতৰ বন্দে ভাৰত মিছনৰ অধীনৰ এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমান উৰণ বন্ধ কৰি দিয়াৰ হুমকি দিছে।

স্মৰ্তব্য যে ক’ৰ’নাতংকৰ বাবে ভাৰতে ২৫ মাৰ্চৰ পৰা আন্তৰাষ্ট্ৰীয় বিমান উৰণ আৰু অৱতৰণ বন্ধ কৰি ৰাখিছে।

কিন্তু বিদেশত আৱদ্ধ ভাৰতীয়সকলক উভতাই আনিবলৈ এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমানেৰে কেন্দ্ৰীয় চৰকাৰে বন্দে ভাৰত মিছন নামৰ এক আঁচনি আৰম্ভ কৰে।

যোৱা ৬ মে’ত এই আঁচনি আৰম্ভ হোৱাৰে পৰা বিশ্বৰ বিভিন্ন দেশৰ পৰা ভাৰতীয় লোকসকলক ভাৰতলৈ উভতাই আনিবলৈ সংশ্লিষ্ট দেশসমূহৰ সৈতে চুক্তিয়ো সম্পন্ন কৰে ভাৰত চৰকাৰে।

এই আঁচনিৰ অধীনতে ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতেও এক চুক্তি সম্পন্ন কৰিছিল।

এতিয়া আমেৰিকাই ভাৰতক এই চুক্তি ভংগ কৰিছে বুলি অভিযোগ আনি আমেৰিকাত এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমান উৰণ আৰু অবতৰণ বন্ধ কৰাৰ সকীয়নি দিছে।

আমেৰিকাৰ অভিযোগ যে ভাৰতে কেৱল একপক্ষীয়ভাৱে নিজৰ দেশৰ নাগৰিকক দেশলৈ উভতাই নি আছে যদিও লোকসকলক উদ্ধাৰ কৰিবলৈ দেশখনক অনুমতি দিয়া নাই।

যদি ভাৰতে আমেৰিকাৰ বিমান সংস্থাবোৰক এই অনুমতি নিদিয়ে তেনে অহা ২২ জুলাইৰ পৰা ভাৰত-মাৰ্কিন বিমান পথত বিমান উৰণৰ বাবে এয়াৰ ইণ্ডিয়াই মাৰ্কিন পৰিবহণ দপ্তৰৰ পৰা বিশেষ অনুমোদন যোগাৰ কৰি ল’ব লাগিব জনাইছে আমেৰিকাই।

আমেৰিকাৰ অভিযোগ যে ভাৰতে চুক্তিৱদ্ধ আধাতকৈ অধিক বিমানৰ উৰণ ইতিমধ্যে সম্পন্ন কৰিছে।

সোমবাৰে মাৰ্কিন পৰিবহণ দপ্তৰে কয় যে, ৬ মে’ৰ পৰা ১৮ মে’লৈকে বন্দে ভাৰত মিছনৰ অধীনত এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমান চলাচলৰ চুক্তি কৰা হৈছিল। আৰু ভাৰতত আৱদ্ধ আমেৰিকাৰ নাগৰিকসকলৰ টিকট সংগ্ৰহৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াই বৈষম্যমূলক আচৰণো কৰি আহিছে।

এয়াৰ ইণ্ডিয়াই ভাৰতৰ পৰা আমেৰিকালৈ উভতি যোৱা যাত্ৰীসকলক ৱেবচাইটৰ যোগে টিকট সংগ্ৰহৰ কৰিবলৈ দিয়াৰ বিপৰীতে আমেৰিকাৰ পৰা ভাৰত অভিমুখী যাত্ৰীসকলক ভাৰতীয় দূতাৱাসৰ যোগে টিকট দিছে বুলি অভিযোগ আমিৰেকাৰ।

আন এক গুৰুতৰ অভিযোগ তুলি আমেৰিকাই কয় যে ভাৰতে এতিয়াও ভাৰতলৈ আমেৰিকাৰ বিমান সংস্থাসমূহক বিমান উৰণ আৰু যাত্ৰীৰ টিকট সংগ্ৰহৰ অনুমতি প্ৰদান কৰা নাই।

এয়াৰ ইণ্ডিয়াই মাৰ্কিন পৰিবহণ দপ্তৰৰ পৰা বিশেষ অনুমতি নল’লে অহা ২২ জুলাইৰ পৰা আমেৰিকাত এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমানে প্ৰৱেশ কৰিব নোৱাৰিব বুলি আমেৰিকাই স্থিতি স্পষ্ট কৰিছে।