• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্কিন সাংবাদিক ডেনী ফেনষ্টাৰক ১১ বছৰৰ কাৰাদণ্ড বিহিলে ম্যানমাৰৰ সামৰিক আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 6:02 pm
Danny Fenster
225
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ সামৰিক আদালতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিক ডেনি ফেনষ্টাৰক মিছা আৰু উচতনিমূলক তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ১১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে ফেনষ্টাৰক অবৈধ সংগঠনৰ সৈতে যোগাযোগ কৰা আৰু ভিছা নিয়ম উলংঘা কৰাৰ বাবেও দোষী সাব্যস্ত কৰে। ফেনষ্টাৰৰ অধিবক্তা থান জাও অঙে এই কথা সদৰী কৰিছে।

ফেনষ্টাৰৰ ওপৰত আৰোপিত এই শাস্তিয়ে আং চান চ্যু কীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত কঠোৰ হস্তক্ষেপৰ চৰিত্ৰ প্ৰতিফলিত কৰিছে।

অনলাইন আলোচনী ফ্ৰণ্টিয়াৰ ম্যানমাৰৰ মেনেজিং এডিটৰ ফেনষ্টাৰক মে’ মাহৰ পৰা আটক কৰি ৰখা হৈছে। সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰত প্ৰায় ১০০ জন সাংবাদিকক আটক কৰা হৈছে।

ফেনষ্টাৰক ২৪ মে’ত য়াংগন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ১০ নৱেম্বৰত তেওঁৰ ওপৰত সন্ত্ৰাসবাদক উচতনি দিয়া আৰু ৰাজদ্ৰোহৰ দুটা অতিৰিক্ত অভিযোগ আৰোপ কৰা হৈছিল।

আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা CNN ৰ এক প্ৰতিবেদনত ফ্ৰণ্টিয়াৰ ম্যানমাৰৰ উদ্ধৃতি দি কোৱা হৈছে যে ফেনষ্টাৰে সামৰিক অভ্যুত্থানৰ পিছত নিষিদ্ধ সংবাদ মাধ্যম ম্যানমাৰ নাওৰ বাবে কাম কৰি থকাৰ অভিযোগ কৰা হৈছিল। অৱশ্যে ফ্ৰণ্টিয়াৰে ফেনষ্টাৰে ২০২০ চনৰ জুলাইত ম্যানমাৰ নাওৰ পৰা পদত্যাগ কৰিছিল বুলি জানিবলৈ দিছিল।

“এই অভিযোগবোৰৰ বাবে ডেনীক দোষী সাব্যস্ত কৰাৰ কোনো ভিত্তি নাই। তেওঁৰ অধিবক্তাই আদালতক স্পষ্টভাৱে যুক্তি দৰ্শাইছিল যে তেওঁ ম্যানমাৰ নাওৰ পৰা পদত্যাগ কৰিছিল আৰু যোৱা বছৰৰ মাজভাগৰ পৰা ফ্ৰণ্টিয়াৰৰ বাবে কাম কৰি আছিল।” ফ্ৰণ্টিয়াৰ ম্যানমাৰৰ মুখ্য সম্পাদক থমাছ কেনে কয়।

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মীসকলৰ মতে সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰত ১,২০০ তকৈও অধিক প্ৰতিবাদী নাগৰিক নিহত হৈছে আৰু হাজাৰ হাজাৰ লোকক আটক কৰা হৈছে।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd