NORTHEAST NOW (Assamese)

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

May 17, 2022 10:02 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহীত।

শিশুৰ পাউদাৰ গাখীৰৰ সংকট। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো পৰিয়ালে এই সংকটকলৈ চিন্তিত। একপ্ৰকাৰ হাহাকাৰ অৱস্থা। পাউদাৰ গাখীৰৰ যোগান প্ৰায় ৪০ শতাংশ হ্ৰাস পোৱাৰ লগতে যোৱা ফেব্ৰুৱাৰীত এটা কাৰখানা বন্ধ হৈ পৰাত এই সংকটে দেখা দিছে।

আমেৰিকাৰ বহুতো অভিভাৱকে যিহেতু পাউডাৰ গাখীৰৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে এই সংকটে যথেষ্ট প্ৰভাৱিত কৰিছে। এনে  সংকটৰ সময়তে দেশখনৰ এগৰাকী মহিলাই তেওঁলোকৰ কাষত থিয় হ’বলৈ আগবাঢ়ি আহে। মাতৃগৰাকীয়ে তেওঁৰ ১১৮ লিটাৰ মাতৃদুগ্ধ (স্তনৰ গাখীৰ)বিক্ৰী কৰিছে।

লগতে পঢ়ক: Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

আলিছা চিট্টি নামৰ মহিলাগৰাকীৰ তিনিটা ফ্ৰীজাৰ আছে য’ত স্তন্যদুগ্ধ ভৰ্তি কৰি ৰখা আছে। তেওঁ জানিবলৈ দিয়ে যে সাধাৰণতকৈ তেওঁৰ স্তন্যদুগ্ধ বেছি তৈয়াৰ হয়। গতিকে তেওঁ ইয়াক সংৰক্ষণ কৰি ৰাখে। এতিয়া ইয়াৰ দ্বাৰাই এই আমেৰিকান মাতৃগৰাকীয়ে আনৰ কাষত থিয় হ’বলৈ চেষ্টা কৰিছে।

আলিছাই এক লিটাৰ গাখীৰ প্ৰতি লিটাৰত ৩৩ ডলাৰকৈ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু মূল উদ্দেশ্য হৈছে আনক সহায় কৰা। গতিকে দাম হ্ৰাস কৰিবও পাৰে।

লগতে পঢ়ক: চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

আলিছাই কয়, “মই জানো যে বহুতো কেঁচুৱাৰ নিৰ্দিষ্ট কোনো পাউডাৰ গাখীৰ বাহিৰে আন হজম নহয় আৰু অলপতে পেট বেয়া হৈ পৰে। সেই গাখীৰৰ যোগান বন্ধ হৈ গ’লে চলাটো কঠিন হৈ পৰে।”

এই সকলোবোৰ কথা চিন্তা-ভাৱনা কৰিয়েই তেওঁ নিজৰ স্তন্যদুগ্ধ বিক্ৰী কৰিবলৈ আগবাঢ়ি আহিছে।

Related News