আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত উচ্চতম ন্যায়ালয়ে ৫০ বছৰ আগতে এক গোচৰত গৰ্ভপাতক বৈধতা প্ৰদান কৰা এটা ৰায় সলনি কৰাৰ কথা বিবেচনা কৰি আছে বুলি কেইসপ্তাহমান আগতে এখন নথি ফাদিল হোৱাৰ পিছতে তীব্ৰ বিতৰ্ক চলিছিল।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ‘ৰো বনাম ৱেড’ নামেৰে জনাজাত পাঁচ দশক পুৰণি গোচৰটোৰ সেই গুৰুত্বপূৰ্ণ ৰায়টো সঁচাকৈয়ে সলনি কৰি দিয়ে।

শীৰ্ষ আদালতখনে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ প্ৰত্যাহাৰ কৰিছে আৰু প্ৰতিখন প্ৰদেশক গৰ্ভপাতৰ অনুমোদন দিব নে নিদিয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা এৰি দিছে।

উচ্চতম ন্যায়ালয়ে মিচিচিপি প্ৰদেশত গৰ্ভধাৰণৰ ১৫ সপ্তাহৰ পিছত গৰ্ভপাতৰ ওপৰত নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা এটা গোচৰত ৰাজ্য চৰকাৰৰ সপক্ষে ৰায় দিয়াত গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ বাতিল হৈ পৰে।

ৰায়টোত কোৱা হৈছে, “গৰ্ভপাতৰ অধিকাৰ সংবিধানৰ অধীনত সামৰি ল’ব নোৱাৰি… আৰু গৰ্ভপাত নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ মানুহৰ হাতত তথা নিৰ্বাচিত জনপ্ৰতিনিধিৰ হাতত ন্যস্ত থকা উচিত।‘’

আদালতত ছয়গৰাকী ন্যায়াধীশে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ বাতিল কৰাৰ সপক্ষে ভোট দিয়ে। আনহাতে তিনিগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে।

লগতে পঢ়ক: Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

এই ৰায়দানৰ পিছত দেশখনৰ আধাতকৈ অধিক প্ৰদেশত গৰ্ভপাত নিষিদ্ধ কৰা হ’ব বা ইয়াৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

ইতিমধ্যে ১৩ খন প্ৰদেশে এনে আইন গৃহীত কৰিছে য’ত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ লগে লগে গৰ্ভপাত নিষিদ্ধ হৈ পৰিব।