ভাৰত মহাসাগৰত চীনৰ বৰ্দ্ধিত শক্তিক প্ৰতিহত কৰাৰ বাবে মালদ্বীপৰ সৈতে সামৰিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ

donald-trump-1593956866

ভাৰত মহাসাগৰত চীনৰ বৰ্দ্ধিত শক্তিৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই মালদ্বীপৰ সৈতে এক গুৰুত্বপূৰ্ণ সামৰিক চুক্তি সম্পাদন কৰে।

ভাৰত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই মালদ্বীপৰ সৈতে এই চুক্তি সম্পন্ন কৰিছে বুলি উল্লেখ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ আৰু দক্ষিণ-পশ্চিম এছিয়াৰ প্ৰতিৰক্ষা উপ সচিৱ ৰিদ ৱেৰ্ণেৰ আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিয়ে সামৰিক চুক্তি স্বাক্ষৰ কৰাৰ উপৰিও মালদ্বীপৰ কোভিড চিকিৎসাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়-সহযোগিতা সন্দৰ্ভতো আলোচনা কৰে।

উল্লেখযোগ্য যে, চীনে বহু বছৰৰ পৰা মালদ্বীপৰ সৈতে সামৰিক চুক্তি সম্পাদন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ এই প্ৰচেষ্টাৰ কথা উপলব্ধি কৰি মালদ্বীপৰ সৈতে আগতীয়াকৈ চুক্তি সম্পন্ন কৰে।

চীনে ক্ৰমাগতভাৱে দেশখনৰ নৌ বাহিনীৰ শক্তি বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত মহাসাগৰত চীনক প্ৰতিহত কৰাৰ বাবে মালদ্বীপক উপযুক্ত সহযোগী হিচাপে নিৰ্বাচিত কৰে।