বিপদজনক! Google চাৰ্চত ওলাইছে আপোনাৰ নম্বৰ; WhatsApp কৰাৰ পূৰ্বে হওক সাৱধান

shutterstock_695557909-google-phone-number-5a2ef6dc5b6e240037579a53.jpg_thump-1

প্ৰতিনিধিত্বমূলক ফটো

আপোনাৰ মোবাইল নম্বৰ যিকোনো ব্যক্তিৰ হাতত পৰক বা কোনো অজ্ঞাত ব্যক্তিৰ পৰা ফোন তথা হোৱাটছএপ অহাটো আপুনি নিশ্চয় নিবিচাৰে।

পিচে, হোৱাটছএপৰ ভুলৰ বাবে এতিয়া সেইটো ঘটিবি পাৰে।

সম্প্ৰতি জনপ্ৰিয় মেচেজিং এই এপটোৱে সকলোৰে মোবাইল নম্বৰলৈ আনিছে এক শংকা।

এতিয়া আনকি গুগল চাৰ্চটো কোনোৱে নিজৰ মোবাইল নম্বৰটো বিচাৰি পাব পাৰে।

বিশেষজ্ঞৰ মতে, হোৱাটছএপৰ নতুন ফিচাৰ ‘ক্লিক টু চাট্’ ৰ পৰাই আহিছে এই নতুন বিপদ। ইয়াৰ বাবে গুগল চাৰ্চতো বিচাৰি পোৱা গৈছে মোবাইল নম্বৰ।

স্বাভাৱিকতে এই ছচিয়েল মেচেজিং চাইট ব্যৱহাৰত আহি পৰিছে শংকা।

ইপিনে, হোৱাটছএপে দাবী কৰিছে যে যিসকল ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ মোবাইল নম্বৰ পাব্লিক কৰিব বিচাৰে কেৱল তেওঁলোকৰ নম্বৰহে বিচাৰিলেহে পোৱা যাব। ইয়াত শংকাৰ কোনো কাৰণ নাই।

কিন্তু এনেদৰে গুগলত মোবাইল নম্বৰ সিচৰিত হৈ পৰিলে ব্যক্তিগত সকলো তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে আৰু সেয়া হয়তো কোনোৱে নিবিচাৰে।

আচলতে, সাধাৰণতে নম্বৰ নাথাকিলে প্ৰথমতে মেচেজ কৰিব নোৱাৰি।

কিন্তু নতুন ফিচাৰ‘ক্লিক টু চাট্’ৰ  ব্যৱহাৰ কৰি আপুনি যিটো নম্বৰত হোৱাটছএপ কৰিব বিচাৰিছে সেইটো মোবাইলত চেভ নকৰাকৈয়ো আপুনি মেচেজ পঠিয়াব পাৰে।

গতিকেই এই ফিচাৰ ব্যৱহাৰকাৰীৰ বাবে উপযোগী। পিচে, পিচাৰটো ব্যৱহাৰ কৰি চাট্ কৰিলেই গুগল চাৰ্চত নম্বৰটো গুচি যায়।

https://wa.me/<phone_number> –এই URLত ফোন নম্বৰ স্ক্ৰীণত ভাহি উঠে। বিশেষজ্ঞৰ দাবী অনুসৰি, এতিয়ালৈকে এনেকুৱা ৩লাখ ফোন নম্বৰ এইদৰে আহিছে।

বিপদজনক কথাটো হৈছে যে গুগলত এইদৰে ফোন নম্বৰ পোৱা গ’লে হেকাৰে ইয়াক বিভিন্ন দুস্কাৰ্যত ব্যৱহাৰ কৰিব পাৰে।