NORTHEAST NOW (Assamese)

মৰ্মান্তিক! মোবাইলৰ বিস্ফোৰণ ঘটি মৃত্যু আঠ মহীয়া শিশুৰ

September 13, 2022 9:45 pm · এন ই নাও নিউজ, গুৱাহাটী

মোবাইল ফোনৰ বিস্ফোৰণ ঘটি কেইবাবাৰো অঘটন ঘটাৰ খবৰ পোহৰলৈ আহিছে। ফোনৰ বিস্ফোৰণৰ ফলত ব্যক্তিৰ মৃত্যু পৰ্যন্ত হোৱাৰ খবৰো বহুসময়ত পোৱা যায়। শেহতীয়াকৈ উত্তৰ প্ৰদেশত সংঘটিত হোৱা এনে ঘটনাই শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। প্ৰকাশিত খবৰ অনুসৰি সোমবাৰে বৰেলীত বাস কৰা এটা পৰিয়ালৰ গৃহত হোৱা মোবাইল বিস্ফোৰণত মৃত্যু ঘটিছে এটি আঠ মহীয়া শিশুৰ।

ঘটনাৰ বিৱৰণী মতে শিশুটিৰ মাতৃয়ে শিশুটিক বিচনাত শুৱাই কাষতে এটা মোবাইল চাৰ্জত লগাই ৰাখিছিল। তেনেদৰেই ফোনটো চাৰ্জিঙত ৰাখি মহিলাগৰাকী আন এটা কোঠালৈ যোৱাৰ সময়তে কোঠাটোৰ পৰা এক বৃহৎ শব্দ শুনিবলৈ পায়।

এই শব্দ শুনি তেওঁ কোঠাটোলৈ দৌৰি আহি নিজৰ আঠ মহীয়া সন্তানটিক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত দেখিবলৈ পায়। এনে পৰিস্থিতিত মহিলাগৰাকী শোকত বিহ্বল হৈ পৰে যদিও পৰিয়ালৰ আন সদস্যসকলে শিশুটিক লগে লগে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত শিশুটিক পৰীক্ষা কৰি চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পৰিয়ালটোৱে জানিবলৈ দিয়া মতে ছয় মাহ পূৰ্বে ক্ৰয় কৰা ফোনটোৰ বিস্ফোৰণ ঘটিয়ে এনে মৰ্মান্তিক ঘটনা সংঘটিত হয়।

ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, পৰিয়ালটোৰ নতুনকৈ ঘৰ নিৰ্মাণৰ কাম চলি আছিল। সেয়েহে বৈদ্যুতিক সংযোগ তথা আন বৈদ্যুতিক সা-সঁজুলি সমূহ শিশুটিক শোৱাই থোৱা কোঠাটোতে ৰখা হৈছিল।

এনে অসাৱধানতা তথা অমনোযোগিতাৰ বাবে এনে মৰ্মান্তিক ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো অভিযোগ দাখিল হোৱা নাই বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

Related News