• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা-স্বাধীনৰ মূল অস্ত্ৰ যোগনিয়াৰ বাৰ্মিজ ইউ দব্লিউ এচ এ’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 5:44 pm
United-Wa-State-Army-UWSA UWSA continues to supply arms to northeast insurgents including ULFA-I

ইউ দব্লিউ এচ এ’। ছবি সৌজন্য-- ইউটিউব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা-স্বাধীনৰ লগতে উত্তৰ-পূবৰ সমূহ বিদ্ৰোহীৰ “মূল অস্ত্ৰ যোগনিয়াৰ”ৰূপে কাম কৰি আহিছে আপাৰ বাৰ্মাৰ নৃগোষ্ঠীয় মিলিচিয়া (ethnic militia) ইউনাইতে’দ ৱা স্তে’ত আৰ্মি (UWSA)এ।

ৱা মিলিচিয়াই আগৰ দৰেই উত্তৰ-পূবৰ বিদ্ৰোহীসকলক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ কথা স্পষ্ট কৰিছে তিনিচুকীয়াত যোৱা ১৮ মাৰ্চত ৭গৰাকী আলফা-স্বাঃ সদস্যৰ আত্মসমৰ্পণে।

চাৰ্জেন্ত বৰুণ অসমৰ নেতৃত্বত থকা ৭জনীয়া বিদ্ৰোহী গোটটোক নিৰাপত্তা বাহিনীয়ে প্ৰথমে আন্তঃৰাষ্ট্ৰীয় সীমাত কব্জালৈ আনিছিল। পিছত তেওঁলোকে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল।

ইউ দব্লিউ এচ এ’ৰ পৰা আলফা-স্বাঃৰ অস্ত্ৰ সংগ্ৰহ সন্দৰ্ভত চাৰ্জেন্ত বৰুণ আৰু বাকীসকলে কিছু বৰ্ণনা দিছে।

তাৰোপৰি আলফা-স্বাঃ সদস্যসকলে আত্মসমৰ্পণ কালত জমা দিয়া অস্ত্ৰৰ ফেক্তৰি মাৰ্কেও উত্তৰ-পূবৰ বিদ্ৰোহীক অস্ত্ৰ যোগানত ৱা মিলিচিয়াৰ হাত থকাৰ ছবি পোহৰলৈ আনিছে।

তিনিচুকীয়াৰ আলফা-স্বাঃ সদস্যকেইজনে জমা দিয়া অস্ত্ৰসমূহ হৈছে— ৬টা মেগা’জিনসহ ৩টা এ’ কে’ ৮১ (এম কিউ), ৫টা মেগা’জিনসহ ১টা এ’ কে’ ৫৬ আৰু ৬টা মেগা’জিনসহ ২টা হেকলাৰ এন্দ কখ (Heckler and Koch) এচল্ত ৰাইফল।

১৯৮১চনত চীনা সেনা পি এল এ’ৰ সেৱাত এ’ কে’ ৮১ মুকলি কৰা হৈছিল, আৰু যুদ্ধত ইয়াৰ প্ৰথম ব্যৱহাৰ হৈছিল চীন-ভিয়েতনামৰ সীমা সংঘাতত। এতিয়া পি এল এ’ই ইয়াৰ বেছিভাগ তাইপ-৮১-অকে তাইপ-৯৫ চিৰিজৰ অস্ত্ৰৰে বদলাই পেলাইছে। অৱশ্যে চীনৰ সশস্ত্ৰ আৰু সংৰক্ষিত আৰক্ষীত তাইপ ৮১ৰ ব্যৱহাৰ এতিয়াও আছে।

কিন্তু ৱা মিলিচিয়া ইউ দব্লিউ এচ এ’ই চীনা অস্ত্ৰ কাৰখানাৰ সৈতে এক “অনানুষ্ঠানিক অনুমতি”ৰ চুক্তিৰে এতিয়া অস্ত্ৰ নিৰ্মাণ কৰে।

ইয়াৰ মূল উদ্দেশ্য হৈছে অধিক দামত উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহক অস্ত্ৰযোগান। ৱা স্তে’টৰ অস্ত্ৰ কাৰখানাক চীনৰ য়ুনানৰ কাৰখানাসমূহে সহায় কৰে।

একেদৰে জাৰ্মেন অস্ত্ৰ নিৰ্মাতা হেকলাৰ এন্দ কখে দুৰ্নীতিপৰায়ণ, অগণতান্ত্ৰিক বা কিবা প্ৰকাৰে নাত’ৰ লগত চামিল নথকা দেশক অস্ত্ৰ বিক্ৰী নকৰে। উত্তৰ-পূবৰ বিদ্ৰোহীক জাৰ্মেন কাম্পেনিটোৱে অস্ত্ৰ বিক্ৰী কৰাৰ প্ৰশ্নই নুঠে কিয়নো ই কেৱল ইয়াৰ “সেউজীয়া” তালিকাত থকা দেশসমূহকহে অস্ত্ৰ যোগান ধৰে।

খবৰ মতে হেকলাৰ এন্দ কখৰ নকল নিৰ্মাণৰ বাবে ইউ দব্লিউ এচ এ’ই পাংচাঙৰ সমীপত এটা অস্ত্ৰ কাৰখানা স্থাপন কৰিছে।

আলফা-স্বাধীন সদস্যকেইজনে জমা দিয়া হেকলাৰ এন্দ কখ ৰাইফলকেইটাৰ ফেক্তৰি মাৰ্কৰ জাৰ্মেনিত কাম্পেনিটোৱে নিৰ্মাণ কৰা অৰিজিনেল ৰাইফলসমূহৰ চিনৰ সৈতে মিল নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd