ৰাজনৈতিক কৃপাদৃষ্টি! সাৰদা কেলেংকাৰিত অভিযুক্ত ভি কে পিপাৰছেনিয়ালৈ শক্তি বিভাগৰ অধ্যক্ষ পদ

VK Pipersenia

মুখ্যমন্ত্ৰীৰ সৈতে ভি কে পিপাৰনেছিয়া। ফাইল ফটো

ৰাজনৈতিক কৃপাদৃষ্টি থকাৰ বাবে সাৰদা কেলেংকাৰিৰ ফাইল লুকুৱাই ৰখা বিনোদ কুমাৰ পিপাৰছেনিয়াই  অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষৰ পদ অলংকৃত কৰাক কেন্দ্ৰ কৰি শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত ক্ষোভ প্ৰকাশ কৰে আৰ টি আই কৰ্মী দুলাল বৰাই।

সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰাটো আশ্চাৰ্য্যজনক বুলি আখ্যা দি দুলাল বৰাই সংবাদমেলত কয়, ‘’দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে কিছু কিছু ক্ষেত্ৰত শিথিল স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বহিৰাগত আই এ এছ আৰু আই পি এছ বিষয়াসকলৰ বিৰুদ্ধে তথ্য সহকাৰে অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণৰ বিপৰীতে বৰপীৰা পাৰি বাৰে বাৰে ৰজাঘৰীয়া সুৱিধা প্ৰদান কৰি থকাহে দেখা গৈছে।‘’

উল্লেখযোগ্য যে, দুলাল বৰাই ২০১৬ চনৰ ২৩ মে’ৰ দিনা সাৰদা নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ কেলেংকাৰিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সেই সময়ৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়াৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিছিল। উক্ত কেলেংকাৰিত অভিযুক্ত  ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এ পি ৰাউট আৰু এছ এন সিঙৰ বিৰুদ্ধে অসম চৰকাৰৰ Political (Vigilance Cell) তৰফৰ পৰা ৫২/১৫ ৰ জৰিয়তে নিয়মীয়া তদন্ত কৰাৰ বাবে অনুমতি দিছিল বুলি তেওঁ সংবাদমেলত কয়।

আনহাতে, উক্ত দুয়োজন আৰক্ষী বিষয়াক জেৰা কৰাৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ক অনুমতি দিবৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগে সেই সময়ৰ মুখ্য সচিব পিপাৰছেনিয়ালৈ ফাইল প্ৰেৰণ কৰিছিল যদিও মুখ্যসচিব গৰাকীয়ে উক্ত দুয়োজন শীৰ্ষ আৰক্ষী বিষয়াৰ লগত স্বজন-তোষণৰ জৰিয়তে মিতিৰালি কৰি ফাইলটো বন্ধ কৰি ৰাখিছিল বুলি বৰাই গুৰুতৰ অভিযোগ তোলে।

তদুপৰি, সাৰদা কেলেংকাৰিৰ তদন্ত নোহোৱাক লৈ দুলাল বৰাই দিচপুৰ থানাত মে’ মাহত ১১৮৮/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে বুলি উক্ত সংবাদমেলত জানিবলৈ দি লগতে কয়, ‘‘পিপাৰছেনিয়াৰ বিৰুদ্ধে দিয়া গোচৰৰ তদন্ত চলি থকাৰ মাজতে যোৱা ২২ অক্টোবৰৰ দিনা মুখ্য মন্ত্ৰীয়ে কি কাৰণত প্ৰাক্তন মুখ্য সচিবগৰাকীক অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰিলে?’’

তেওঁ লগতে কয়,  ‘‘পিপাৰছেনিয়া মুখ্য সচিব হৈ থকা সময়ত ৰাজ্য কপোঁৱা সাৰদা কেলেংকাৰিৰ তদন্তৰ ফাইল লুকাই থোৱাৰ পৰা আৰম্ভ কৰি দিছপুৰত ৱিল্ড ৱৰ্থ প্ৰাইভেট লিমিটেডক কেইবাকোটি টকীয়া চৰকাৰী মাটি এপাৰ্টমেণ্ট নিৰ্মাণৰ বাবে আৱণ্টন দিয়া, অসম চৰকাৰৰ কৃষি বিভাগত সংঘটিত হোৱা ৭০০ কোটি টকীয়া কেলেংকৰাৰিৰ বিষয়ে অভিযোগ দাখিল কৰাৰ পাছতো তেওঁ নিৰ্বিকাৰ ভূমিকা পালন কৰিছিল।‘’

তদুপৰি, ‘’তেনে এগৰাকী বিষয়াক কিহৰ ওপৰত ভিত্তি কৰি উল্লেখিত বিভাগ এটাত অধ্যক্ষ হিচাপে নিযুক্তি দিলে সেয়া বিচাৰ্য্য বিষয়’’ বুলি সংবাদমেলত দুলাল বৰাই উদ্বিগ্নতা প্ৰকাশ কৰে।