অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনত পদ খালী; ৮৭,০০০ টকা পৰ্য্যন্ত দৰমহা; ৬ ডিচেম্বৰ আৱেদনৰ অন্তিম তাৰিখ

NHM Recruitment

ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনত অসমত ১৬টাকৈ ড্ৰাগ ইন্সপেক্টৰৰ পদ খালী হৈছে। পদবোৰত অসম চৰকাৰৰ Commissioner of Food Safety and Drug Administration, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পোনপটীয়াকৈ নিযুক্তি হ’ব।

ইচ্ছুক প্ৰাৰ্থীয়ে এন এইচ্ছ এম অসমৰ জৰিয়তে আৱেদন কৰিব পাৰিব। অহা ৬ ডিচেম্বৰৰ ভিতৰত আৱেদন প্ৰক্ৰিয়াটোৰ অন্ত পৰিব।

আৱেদনকাৰীৰ বয়স সাধাৰণ/অসংৰক্ষিত বৰ্গৰ প্ৰাৰ্থীৰ ২০১৯চনৰ ১ জানুৱাৰিত ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। অ’ বি চি/এম অ’ বি চিৰ প্ৰাৰ্থীৰ ৪১ আৰু এছ চি/এছ টি বৰ্গৰ প্ৰাৰ্থীৰ বাবে ৪৩ বছৰ বয়সৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে।

একেদৰে আৱেদন মাচুল হিচাপে সাধাৰণ/অসংৰক্ষিত বৰ্গৰ প্ৰাৰ্থীয়ে ২৫০ টকা আৰু আনকেইটা বৰ্গৰ প্ৰাৰ্থীয়ে ১৫০ টকাকৈ দিব লাগিব। ট্ৰেজাৰি চালান যোগে এই মাচুল দিব পাৰিব।

আৱেদনকাৰীৰ নিম্নতম শৈক্ষিক যোগ্যতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা ফাৰ্মেচি/ফাৰ্মেচিউটিকেল ছায়েন্স অথবা ক্লিনিকিলে ফাৰ্মাক’ল’জি/মাইক্ৰ’বায়’লজিক বিশেষ হিচাপে লৈ মেডিচিনৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

এই মূল অৰ্হতাৰ উপৰি প্ৰাৰ্থীৰ ইংৰাজীৰ ভাল জ্ঞান থাকিব লাগিব আৰু লগতে অসমৰ যিকোনো এটা চৰকাৰী ভাষাৰ (অসমীয়া/বাঙালী/বড়ো) জ্ঞান থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়াৰ বাবে অনলাইন পঞ্জীয়ন বাধ্যতামূলক। সবিশেষ জানিবৰ বাবে তলত দিয়া লিংকটো চাব পাৰে।

https://nhm.assam.gov.in/portlets/recruitment

লিখিত পৰীক্ষাৰ মাজেৰে নিৰ্বাচিত হ’ব লগীয়া প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিলে মাহিলি ২২০০০ টকাৰ পৰা ৮৭০০০ হাজাৰ টকা স্কেলৰ দৰমহা লাভ কৰিব।