ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

IMG-20210116-WA0015

আজি দেশৰ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাটো কৰ’না মহামাৰী প্ৰতিৰোধৰ টীকাকৰণৰ শুভাৰম্ভ প্ৰক্ৰিয়া ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় আৰু কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে, এই টিকাকৰণৰ প্ৰথম পৰ্য্যায়ত স্বাস্থ্য কৰ্মী সকলক প্ৰদান কৰা হব। দুয়োটা স্থানতে আজি ১০০ জনকৈ মুঠ ২০০ গৰাকী স্বাস্থ্য কৰ্মীক এই টিকা প্ৰদান কৰা হব।

এই টিকাকৰণ প্ৰক্ৰিয়াৰ অনুষ্ঠানত জিলা উপায়ুক্ত কবিথা পদ্মনাভন, যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰৰ লগতে বিভাগীয় চিকিৎসক, কৰ্মচাৰী সকল উপস্থিত থাকে।

আনহাতে, আজিৰে পৰা আৰম্ভ হোৱা কৰ’নাৰ ভেকচিন প্ৰদান কাৰ্যসূচীত প্ৰথম ভেকচিন লয় ৰাজ্যৰ ১২ জন বিশিষ্ট চিকিৎসকে।

ডিব্ৰুগড়ত টীকাকৰণ কাৰ্যসূচী উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আনহাতে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত টীকাকৰণ কাৰ্যসূচী উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সেইদৰে, প্রথমটো ভেকচিন লয় ডাঃ উমেশ চন্দ্র শমাই। দ্বিতীয়টো ভেকচিন ডাঃ ধ্রুৱজ্যোতি বৰাক প্ৰদান কৰা হয়।

ৰাজ্যৰ তৃতীয়টো ভেকচিন ডাঃ ইলিয়াছ আলীক, চতুর্থটো বিভাস গোস্বামী,পঞ্চমটো ডাঃ সুভাষ খান্নাক, ষষ্ঠটো ডাঃ হর্ষ ভট্টাচার্যক প্রদান কৰা হ’ব।

প্রথম পর্যায়ত ৰাজ্যখনৰ ১ লাখ ৯০ হাজাৰ লোকক ভেকচিন প্রদান কৰা হ’ব। অসমৰ ৩৩ জিলাৰ ৬৫টা কেন্দ্ৰত দিয়া হ’ব ভেকচিন৷