কাজিৰঙাৰ কাষৰীয়া তিনিটা ৰেঞ্জৰ গাঁৱৰ ১০ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান

অন্য দুটা ৰেঞ্জত এতিয়াও চলি আছে প্ৰতিষেধক প্ৰদানৰ অভিযান

index

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাঁৱত যোৱা এপ্ৰিল মাহৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা পোহনীয়া পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত, বোকাখাত আৰু বুঢ়াপাহাৰ বনাঞ্চলত এই অভিযানৰ সামৰণি পৰিছে৷

এই অভিযানত ৰাষ্ট্ৰীয় উদ্যানখৰ কাষৰীয় গাঁওবোৰৰ পশুধনক চবকা, গলফুলা আৰু জহৰবাতৰ দৰে সংক্ৰমিত ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰায়ভেক নামৰ প্ৰতিষেধক বিধ প্ৰদান কৰা হৈছে৷

আন্ত:ৰাষ্ট্ৰীয় সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে এই প্ৰতিষেধৰ যোগান ধৰিছে৷ বিগত চাৰিটা বছৰত পশু চিকিৎসা বিভাগৰ সহযোগত কাষৰীয় গাওঁৰ পশুধনক প্ৰদান কৰি অহা হৈছে এই প্ৰতিষেধক৷

চলিত বৰ্ষৰ মে’ মাহত কাজিৰঙাৰ বোকাখাত বনাঞ্চলৰ কাষৰীয় গাঁও আৰু চাপৰিৰ মুঠ ৩,০২২ গৰু ম’হ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ১,৫৮৪ টা গৰু ম’হ ৰ লগতে অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাঁৱৰ মুঠ ৩,৯৪৫ গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কাৰ্যৰ সামৰণি পৰিছে৷

এতিয়ালৈকে কাষৰীয় গাঁৱৰ ১০,৬৩৯ টা পশুধনক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত সম্প্ৰতি এই অভিযান চলি আছে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰতিষেধক প্ৰদান অভিযানত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ আৰু নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পশু চিকিৎসা বিভাগৰ পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক, গোপাল মিত্ৰ আৰু মৈত্ৰী সদস্যই সহায় কৰে৷

যাৰ বাবে তিনিটা বনাঞ্চলত এই বৃহৎ সংখ্যক পশুধনক প্ৰতিষেধক প্ৰদান কৰিব পৰা গৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ৷

বুঢ়াপাহাৰ বনাঞ্চলত আৰণ্যকৰ আৰিফ হোছেইন, বাগৰিত বিশ্ব প্ৰকৃতি নিধিৰ ডা৹ পৰীক্ষিত কাকতী, কহঁৰা বনাঞ্চলত কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে আৰু অগৰাতলি আৰু বোকাখাত বনাঞ্চলত অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই প্ৰতিষেধক প্ৰদানৰ এই অভিযান পৰিচালনা কৰে৷

কাষৰীয় গাঁৱৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মাজৰ গৰু ম’হৰ চাপৰিতো ২০১৬ চনৰ পৰাই পোহনীয়া গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ৷ যাৰ বাবে বিগত সময়ত এইবোৰ অঞ্চলত সংক্ৰমন ৰোগৰ হোৱাৰ বাতৰি পোৱা নাই৷