Gyanvapi Dispute: জ্ঞানৱাপী গোচৰত অঞ্জুমানে ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ; কি কলে আদালতে?

Varanasi court allows hearing of Hindu plea বাৰাণসী জিলা আদালতে জ্ঞানৱাপী শৃংগাৰ গৌৰী গোচৰৰ শুনানি গ্ৰহণৰ বাবে সন্মতি দিছে। জ্ঞানৱাপী মছজিদত ‘এটা শিৱলিঙ্গ আছে বুলি দাবী কৰি’ তাত পূজা কৰাৰ অনুমতি বিচাৰি বাৰাণসী আদালতত এটা গোচৰ ৰুজু কৰা হৈছিল। হিন্দু পক্ষৰ সেই দাবী নাকচ কৰি ওলোটাই গোচৰ দাখিলৰ আবেদন জনোৱা হৈছিল আৰু সেই গোচৰ উচ্চতম ন্যায়ালয় পাইছিল।

পিছত গোচৰটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বাৰাণসী আদালতলৈ ঘূৰাই পঠোৱা হয়। সোমবাৰে বাৰাণসী সত্ৰ আদালতত ন্যায়াধীশ এ কে বিশ্বেসৰ একক বিচাৰপীঠে কয় যে গোচৰটো হিন্দু পক্ষৰ আবেদনৰ ওপৰত আগবাঢ়িব। ন্যায়াধীশে মুছলমান পক্ষৰ ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ কৰে।

লগতে পঢ়ক: ‘বিকশিত’ উত্তৰ প্ৰদেশৰ আন এক ৰূপ: মোবাইলৰ ফ্লাছ লাইটৰ পোহৰত চিকিৎসা চলালে চিকিৎসকে

হিন্দু পক্ষৰ হৈ উপস্থিত থকা অধিবক্তা বিষ্ণু শংকৰ জৈনে কয় যে গোচৰটোৰ পৰৱৰ্তী শুনানি ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। যোৱা ২০ মে’ত বাৰাণসী জিলা আদালতৰ ন্যায়াধীশে গোচৰটোৰ জৰুৰী শুনানি আৰম্ভ কৰিছিল।

উল্লেখ্য যে পাঁচগৰাকী মহিলাই জ্ঞানৱাপী মছজিদক হিন্দু মন্দিৰ হিচাপে উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসী আদালতত আবেদন কৰিছিল। আদালতে তেতিয়া আৱেদনৰ উত্তৰত এটা জৰীপৰ নিৰ্দেশ দিছিল। বিতৰ্ক স্বত্বেও জৰীপটো সম্পূৰ্ণ হৈছিল। ১৪ ৰ পৰা ১৬ মে’লৈ চলি থকা জৰীপৰ ওপৰত ভিত্তি কৰি ১২ পৃষ্ঠাৰ প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছিল।

ইপিনে, মুছলমান পক্ষই দাবী কৰে যে উপাসনা স্থান সুৰক্ষা আইন, ১৯৯১ ৰ অধীনত গোচৰটো ভিত্তিহীন। অৱশ্যে হিন্দু পক্ষৰ দাবী কৰে যে ১৯৪৭ চনৰ পিছতো ইয়াত উপাসনা কৰা হৈছিল। প্ৰমাণ হিচাপে ১২ জন সাক্ষীক আদালতত হাজিৰ কৰোৱা হৈছিল।

লগতে পঢ়ক: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অসম কেবিনেটৰ অনুমোদন

এই সন্দৰ্ভত আদালতে কয় যে জ্ঞানৱাপী মছজিদৰ চৌহদত উপাসনাৰ দাবী কৰা গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ’ব। ইপিনে, অঞ্জুমানে ইন্তেজামিয়া সমিতিয়ে কয় যে তেওঁলোকে বাৰাণসী আদালতৰ ৰায়ৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন কৰিব।