শিৱসাগৰত গাওঁ প্ৰধানৰ মাজত চৰকাৰে যোগান ধৰা সামগ্ৰী বিতৰণ

শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত গাওঁ প্ৰধান কাৰ্যলয়ত মংগলবাৰে গাওঁ প্ৰধান সকলৰ মাজত ৰাজ্য চৰকাৰে যোগান ধৰা বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়।

অনুষ্ঠানত শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া ডঃ জীৱন কৃষ্ণ গোস্বামী, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ পাৰ্থ দত্ত, গাওঁ প্ৰধান সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক তৰামণি চুতীয়া, সহ সম্পাদক আজিজুৰ ৰহমান, জ্যেষ্ঠ গাওঁ প্ৰধান যোগেন চেতিয়া উপস্থিত থাকে।

আজি অনুষ্ঠানত গাওঁ প্ৰধান সকলক এটা মেগাফোন, টৰ্চ লাইট আৰু হুইছেল প্ৰদান কৰে।

উল্লেখযোগ্য যে শিৱসাগৰ ৰাজহ চক্ৰৰ ৬৪ জন গাওঁ প্ৰধানক এই সামগ্ৰীসমুহ বিতৰন কৰে ।সামগ্ৰী বিতৰণ কৰি ৰাজহ চক্ৰ বিষযা গোস্বামীয়ে চৰকাৰে গাওঁ প্ৰধান সকলৰ কাৰণে আগবঢ়াই অহা বিভিন্ন আঁচনিৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰা লগতে বৰ্তমান সময়ত গাওঁ প্ৰধান সকলৰ দায়িত্ব আৰু কৰ্মৰাজিৰ ওপৰত বিভিন্ন মত দাঙি ধৰে।

অনুষ্ঠানত ৬৪ জন গাওঁ প্ৰধানৰ লগতে অসমৰ কণিষ্ঠ গাওঁ প্ৰধান পলাশ প্ৰতীম গগৈ উপস্থিত থাকে । সামগ্ৰী বিতৰণ অনুষ্ঠানত গাওঁ প্ৰধান সকলে চৰকাৰৰ এনে পদক্ষেপৰ বাবে কৃতজ্ঞতা জনায়।