বিতৰ্কিত নাৰী গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ শিৱসাগৰত

ফটো : নৰ্থ-ইষ্ট নাও

বহু বিতৰ্কিত নাৰী গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল।

শিৱসাগৰৰ প্ৰগতি চাৰিআলিস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে যৌথ সংগ্ৰামী মঞ্চই।

যৌথ সংগ্ৰাম মঞ্চৰ হৈ ২৬ টা জনগোষ্ঠীয় সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে শিৱসাগৰৰ মহিলাক দেহোপজীৱিনী আৰু সকলো দল-সংগঠন দেহ ব্যৱসায়ৰ লগত জড়িত বুলি বিতৰ্কিক মন্তব্য কৰিছিল এইগৰাকী গীত কামৰূপাই।

গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দুকুৰিত কৈ অধিক এজাহাৰ দাখিল হোৱাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে সোধা-পোচাৰ বাবেও শিৱসাগৰ সদৰ থানাত হাজিৰ কৰিব পৰা নাই এই গৰাকী বিতৰ্কিত মহিলাক।

শিৱসাগৰ আৰক্ষীয়ে গীত কামৰূপাক তিনি দিনৰ ভিতৰত শিৱসাগৰ সদৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল বুলি যোৱা ২ ছেপ্তেম্বৰত শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদ মেলত প্ৰকাশ কৰিছিল।

কিন্তু তিনিদিন উকলি যোৱাৰ পিছতো আজিলৈকে এইগৰাকী বিতৰ্কিত মহিলা শিৱসাগৰ সদৰ থানাত হাজিৰ নোহোৱাত শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে গীত কামৰূপাক ৰক্ষণা বেক্ষণা দিয়াৰ এক অভিযোগ উঠিছে।

ইপিনে শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ অহা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক শিৱসাগৰৰ পৰা পহু খেদা দিছিল শিৱসাগৰৰ দ- সংগঠনে।

এই গৰাকী তথাকথিত নেতাৰ বিৰুদ্ধেও শিৱসাগৰ সদৰ থানত গোচৰ ৰুজু হৈ থকাৰ পাছতো তেওঁক আজিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম অৰক্ষীক অতি শীঘ্ৰে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় যৌথ সংগ্ৰামী মঞ্চই।

অন্যথা অনাগত দিনত ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে যৌথ সমগ্ৰামী মঞ্চই।