বিজেপিয়ে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত ৰাভা হাছঙত পুনৰ আৰম্ভ আন্দোলন

'ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখন দহ গুণ অধিক ক্ষতিকাৰক'

ফটো : নৰ্থ-ইষ্ট নাও

পুনৰ আন্দোলন আৰম্ভ কৰিছে ৰাভা জাতীয় সংগঠনে। ছয় ৰাভা জাতীয় সংগঠনৰ আহ্বানত আৰু দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত জনজাগৰণ সভাৰে আৰম্ভ হয় এই আন্দোলন।

সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক শ্যামজিত ৰাভাই ভাষণত কয়, ‘ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখন দহগুণ অধিক ক্ষতিকাৰক তথা ভয়ানক’।

ছাত্ৰ নেতা গৰাকীয়ে লগতে কয় যে, প্ৰতিশ্ৰুতি অনুসৰি শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁট তথা সৰ্বানন্দ সোণোৱাল নেতৃতাধীন চৰকাৰখনে ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱকেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে।

ৰাভা জাতিটোক চৰকাৰে প্ৰতাৰণা, প্ৰৱঞ্চনা কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে ছয় ৰাভা জাতীয় সংগঠনে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে পোন্ধৰ অক্টোবৰৰ পৰা তিনি নৱেম্বৰলৈ জনজাগৰণ সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰিব বুলি জনায়।

সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই উপস্থিত থাকি কয়, ‘ৰাভা জাতিৰ ইছ্যু লৈ, ৰাভা হাছং পৰিষদখনক লৈ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ আন্দোলনক লৈ কোনো বিজেপিৰ কৰ্ম-কৰ্তাই যদি ষড়যন্ত্ৰত লিপ্ত হয়, তেন্তে তাৰ পৰিণাম অতি ভয়াৱহ হ’ব’।

‘যদি ৰাভা হাছং পৰিষদখনক বিজেপিকৰণ কৰিব খুজিছে, তেতিয়া হ’লে ৰাভাসকলক পৃথক ৰাজ্য দিয়ক, ৰাভা জনগোষ্ঠীয়ে ইচ্ছা কৰিলে ২৪ ঘন্টাত বিধায়ক জিকাবও পাৰে হৰুৱাবও পাৰে। ৰাভা হাছং এলেকাত যি সকল ৰাভা জনগোষ্ঠীৰ লোকে বিজেপি কৰি আছে, সেইসকলে বিজেপি কৰা বন্ধ কৰি দিব লাগে’ বুলিও ৰাভাই কয় ৷

বিজেপিৰ আই টি চেলকো তীব্ৰ সমালোচনা কৰি টংকেশ্বৰ ৰাভাই কয়, ‘ৰাভা হাছং তথা ৰাভা জনগোষ্ঠীৰ বিৰুদ্ধে একো নজনাকৈ, ইতিহাস নজনাকৈ যাতে কোনো মন্তব্য নকৰে, নহ’লে পৰিনাম ভয়ানক হ’ব ৷

ইফালে বৰ্তমানৰ দুধনৈ বিধানসভাৰ বিজেপি বিধায়ক দীপক ৰাভা সন্দৰ্ভত আৰছুৰ সম্পাদক শ্যামজিত ৰাভাই কয়, ‘বৰ্তমানৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভাই জাতিৰ হৈ আজি মাত মাতিব পৰা নাই সেয়ে তেখেতৰ ওপৰত আৰছুৰ আস্থা নাই, যাৰ বাবে অহা নিৰ্বাচনত এজন নিকা আৰু বলিষ্ঠ কণ্ঠৰে ৰাভা জাতিৰ হৈ চৰকাৰৰ সমুখত মাত মাতিব পৰা ব্যক্তিক বিধায়ক হিচাপে বিধানসভালৈ পঠিওৱাৰ কথা চিন্তা কৰা হ’ব’।

হিমন্ত বিশ্ব শৰ্মাই অহা নিৰ্বাচন যি সভ্যতাৰ যুঁজ আখ্যা দিছে সেই সন্দৰ্ভতো টংকেশ্বৰ ৰাভাই মন্তব্য কৰে- ৰাভা সকলে একো নাজানে, ষষ্ঠ অনুসূচী দিয়ক তেতিয়াহে ৰাভা সকলোৰ সভ্যতা বাচিব, জাতি জীয়াই থাকিব, ভাষা থাকিব ৷

আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ তুলি কয় যে বিজেপি মুক্ত হৈ থকা স্বায়ত্ত্বশাসিত পৰিষদ কেইখনৰ লগতে হাগ্ৰামৰ BTAD কো বিজেপিকৰণৰ গভীৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে।

চৰকাৰে যদি অহা নিৰ্বাচনৰ পূৰ্বে ৰাভা সকলৰ সমস্যা সমাধান নকৰে তেন্তে কামৰূপৰ ৰাণীৰ পৰা গোৱালপাৰাৰ জয়ৰামকুঁচী লৈকে এজনো বিজেপি বিধায়কক জিকিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে নেতাসকলে।

লগতে ASCRDA ত অন্তৰ্ভূক্ত হোৱা ৰাভা হাছঙৰ গাঁওসমূহ কৰ্তনৰ সিদ্ধান্ত কেৱল মাথোঁঁ কেবিনেটত কৰা হৈছিল কিন্তু সেই ক্ষেত্ৰতো কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হাতত নল’লে। এনেদৰে বিজেপিৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে ৰাভা হাছঙৰ সংগঠন সমূহ।