অনুৰাগীৰ মাজত শোকত ছাঁ পেলাই গুচি গ’ল অসমীয়া জাতিৰ অমূল্য সম্পদ নীলপৱন বৰুৱা। আৰু কোনোদিন উভটি নাহে তেওঁ ।
শূন্য হৈ পৰিল ব’গেনভেলীয়া আৰু দেৱদাৰুৰে ঘেৰি ৰখা বেলতলাৰ দিপালী-নীলপৱনৰ হেঁপাহৰ ঘৰটো।
যোৱা ২২ ছেপ্তেম্বৰৰ নিশা জ্বৰ, কাহত ভুগি থকাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক।
তেতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে ভৰ্তি হৈ আছিল চিত্ৰশিল্পী নীলপৱন বৰুৱা।
হাস্পাতালত ভৰ্তি কৰাৰ পিছত জ্বৰ, কাহৰ পৰা শিল্পীগৰাকী লাহে লাহে সুস্থ হৈ উঠিছিল যদিও পৰৱৰ্তী সময়ত শ্বাস-প্ৰশ্বাসজনিত কাৰণত পুনৰ অসুস্থ হৈ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।
আজি পুৱাৰ ভাগত শিল্পীজনাৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ কথা ঘোষণা কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে।জীৱন কালত তেওঁ আঁকিছিল হাজাৰ-বিজাৰ ছবি। অসমীয়া চাৰু-কাৰু তথা কলা জগতখনত প্ৰতিষ্ঠা কৰিছিল নতুন ধাৰা,প্ৰতিষ্ঠা কৰিছিল নতুন নতুন শৈলী। নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনত যোৰহাটৰ তামুলিছিগা গাঁৱত।বৰুৱাৰ পিতৃ আছিল ধ্বনি কবিৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা।
হাইস্কুলৰ দেওনা পাৰ কৰি খেতি খোলা আৰু সামাজিক কাম কৰি খাম বুলি ভবা নীলপৱন বৰুৱাই প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ ১৯৬১ চনত কলিকতাৰ শান্তিনিকেতনলৈ যায়।
তাতেই তেওঁ চিত্ৰকলা বিভাগত স্নাতক ডিগ্ৰী শেষ কৰি অসমলৈ ঘূৰি আহে।
অসমলৈ ঘূৰি আহি দেউতাক বিনন্দ্ৰ চন্দ্ৰ বৰুৱাৰ ইচ্ছাত গুৱাহাটী আৰ্ট কলেজত শিক্ষকতাৰ কামত যোগ দিয়ে।
১৯৭১ চনত বৰুৱাই গুৱাহাটীত অসম চাৰু কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে।
ইয়াৰ পিছতেই তেওঁ প্ৰতিষ্ঠা কৰে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰকলাৰ বিদ্যালয় ‘বসুন্ধৰা কলা নিকেতন’।
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে ।
একেলগে নীলপৱন বৰুৱাই চেষ্টা কৰিছিল বৃন্দাবনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰুজ্জীৱিত কৰাৰ।
গুৱাহাটীৰ জজ ফিল্ডৰ এটা সৰু জুপুৰীত প্ৰায়েই থাকিছিল নীলপৱন বৰুৱা।বন্ধু বৰ্গসহ তাতেই চৰ্চা চলিছিল শিল্প সাহিত্যিৰ চৰ্চা।
সেই ঘৰটো হৈ পৰিছিল প্ৰখ্যাত শিল্পী-সাহিত্যিকৰ আড্ডা ঘৰ ।ননী বৰপূজাৰী, নীলমণি ফুকন আদিৰ দৰে কাণ্ডাৰী সকলৰ শিল্প-কলাৰ আখৰাস্থলী আাছিল সেই ঘৰটোলৈ।চিগাৰেট খাই ভালপোৱা চিত্ৰশিল্পী জনে সত্তৰ দশকত প্ৰতিষ্ঠা কৰিছিল চিগাৰেটৰ পেকেটত অঁকা এটি বিশেষ চিত্ৰশৈলীৰ ।
নিজে খোৱা প্ৰতিটো চিগাৰেটৰ পেকেটত তেওঁ আঁকি গৈছিল বিভিন্ন ধৰণৰ ছবি।যৌৱনৰ এনেবোৰ দিনতেই নীলপৱনে লগ পাইছিল কণ্ঠৰ যাদুৰে সেই সময়ত অসমৰ সংগীত জগত কঁপাই তোলা দীপালি বৰঠাকুৰক ।
আৰম্ভ হৈছিল অসমৰ আটাইতকৈ জনপ্ৰিয় প্ৰেম কাহিনীটো ।নীলপৱনৰ ছবিত যেন তুলিকা হৈ বলিছিল দীপালিৰ কন্ঠ।
এসময়ত অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ সমীপতে এখন চাহ দোকানো দিছিল নীলপৱন বৰুৱাই।
তাতেই হেনো কেতিয়াবা আহি বহিছিলহি প্ৰেয়সী দীপালী বৰঠাকুৰ ।
মটৰ নিউৰণ নামৰ জটিল ৰোগত আক্ৰান্ত দীপালিয়ে আশ্ৰয় ল’বলগীয়া হৈছিল হুইল চেয়াৰৰ ।
আৰু ১৯৭৮ চনত দুয়ো আৱদ্ধ হৈছিল বিবাহপাশত ।
মৃত্যু পৰ্যন্ত মৰমৰ দিপালীৰ পৰিচৰ্যা কৰি থাকিলে নীলপৱন বৰুৱাই ।
দীপালী বৰঠাকুৰৰ মৃত্যুৰ পিছত নিঃসংগ হৈ পৰিছিল প্ৰেমিক নীলপৱন বৰুৱা। জীৱন-যৌৱনৰ অলেখ তিতা মিঠা অভিজ্ঞতা স্মৰণ কৰি জীৱনৰ বিয়লি বেলা পাৰ কৰিছিল বৰুৱাই। মাজে মাজে শুনিছিল দিপালী বৰঠাকুৰৰ গীত। নীলপৱন বৰুৱাক অনবৰতে আলপৈচান ধৰিবলৈ লগত আছিল দুগৰাকী পৰিচৰ্যা। অহা যোৱা আছিল কেইবাগৰাকী ঘনিষ্ঠ আৰু অনুৰাগীৰ।
কিন্তু যোৱা ২২ ছেপ্তেম্বৰৰ নিশা হঠাতে অসুস্থ হৈ পৰা নীলপৱন বৰুৱাক ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। সকলোৱে ভাবিছিল সোনকালে সুস্থ হৈ ঘৰলৈ ঘূৰি আহিব মৰমৰ শিল্পীজন । আগচোতালত বহি ফুলনিখন চাই চাই আকৌ শুনিব দিপালী বৰঠাকুৰৰ গান । কিন্তু নিষ্ঠুৰ সময়ৰ পৰিহাস । মৃত্যুৰ হাতবাউলিৰ পম খেদি গুচি গ’ল অসমীয়া জাতিৰ এজন কিংবদন্তী পুৰুষ, হাজাৰ যৌৱনৰ প্ৰেৰণা নীলপৱন বৰুৱা ।
সমগ্ৰ অসমবাসীৰ লগত নৰ্থ ইষ্ট নাওৱেও শিল্পী জনাৰ প্ৰতি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত আৰু গভীৰ অশ্ৰু অঞ্জলি।