কংগ্ৰেছে নাৰাখে, এইবাৰ অগপলৈ মন মেলিছে নেকি কিৰিপ চলিহাই!

‘‘পহু মাৰিবা বনত, কথা ৰাখিবা মনত।ৰাজনীতিত সকলো কথা মুকলিকৈ কোৱা নহয়।’’সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এখন সংবাদমেল সম্বোধন কৰি এনেদৰে কংগ্ৰেছ এৰি অগপলৈ অহাৰ ইংগিত দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই।

অসমত এতিয়াও জাতীয়তাবাদৰ প্ৰভাৱ শেষ হোৱা নাই বুলি কিৰিপ চলিহাই উল্লেখ কৰি সমুজ্জ্বল ভট্টাচাৰ্য্য আৰু অখিল গগৈয়ে কৰা আন্দোলনৰ লগত ৰাজনৈতিক দল অগপই কৰা আন্দোলন একে হ’ব নোৱাৰে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

আনহাতে, দক্ষিণ ভাৰতৰ উদাহৰণ দি চলিহাই তাত থকা ডি এম কে, এ আই ডি এম কে আদি আঞ্চলিক দলে ৰাষ্ট্ৰীয় দলক নিজৰ স্বাৰ্থত দৌৰাই আছে বুলি উল্লেখ কৰি অসমতো অগপই ৰাষ্ট্ৰীয় দলক অসমৰ স্বাৰ্থত সিদ্ধান্ত ল’বৰ বাবে দৌৰাই থাকিব পৰা ক্ষমতা আছে বুলি চলিহাই কয়।

ৰাইজৰ ওচৰলৈ অধিক সক্ৰিয়ভাবে গ’লে ৰাইজে দলটোক আঁকোৱালি ল’ব বুলিও জেষ্ঠ কংগ্ৰেছী নেতা জনে মুকলিকৈ অগপৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়।

সংবাদমেল পাতি মুকলিকৈ অগপক প্ৰসংশা কৰা চলিহাৰ এই ব্যক্তব্য জাতীয় দলটোলৈ গমণৰ বন্ধোৱা বাট হ’ব পাৰে নেকি বুলি সচেতন ৰাইনৈতিক মহলত চৰ্চা লাভ কৰিছে।