ৰাজ্যসভাৰ অধীনস্থ পেনেলত উপ-ৰাষ্ট্ৰপতিৰ ব্যক্তিগত কৰ্মচাৰী: উদ্ভট পদক্ষেপ আখ্যা বিৰোধীৰ

Vice President's Staff On Rajya Sabha Panels

পৰম্পৰা ভংগ কৰি ৰাজ্যসভাৰ অধীনস্থ বিভিন্ন গৃহ সমিতিত নিজৰ প্ৰায় আঠগৰাকী কৰ্মচাৰীক নিযুক্তি দিছে উপ-ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ অধ্যক্ষ জগদীপ ধনখৰে। অধ্যক্ষ ধনখৰৰ এই পদক্ষেপৰ পাছতে বিৰোধী কংগ্ৰেছে বিভিন্ন সমিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ এনে কাৰ্য কৰা হৈছে বুলি অভিযোগ কৰিছে।

কংগ্ৰেছে লগতে বৰ্তমান প্ৰৱৰ্তিত ব্যৱস্থাৰ ওপৰত উপ-ৰাষ্ট্ৰপতি ধনখৰৰ অনাস্থা স্পষ্ট ৰূপত প্ৰদৰ্শিত কৰে বুলিও অভিযোগ কৰিছে। উল্লেখ্য যে, ৰাজ্যসভাৰ মহাসচিবক বিভিন্ন সমিতিৰ উন্নয়ন আৰু আলোচনাৰ বিষয়ে অৱগত কৰা বিষয়াসকলক সচিবালয় আৰু ৰাজ্যসভাৰ অধ্যক্ষই নিযুক্তি দিয়ে।

এই বিষয়াসকলক নিৰ্দিষ্ট এই উদ্দেশ্যৰ বাবে গঠন কৰা এক উমৈহতীয়া গোটৰ পৰা নিযুক্তি দিয়া হয়। ইফালে আজি ৰাজ্যসভা সচিবালয়ৰ এখন জাননীত ৰাজ্যসভাৰ পৰিসৰৰ অধীনত অহা ২০ খন স্থায়ী সমিতিত আঠগৰাকী নতুন বিষয়া নিয়োগ কৰা হৈছে বুলি দেখুওৱা হৈছে।

নতুনকৈ নিয়োগ কৰা এই বিষয়াসকল কনিষ্ঠ পৰ্যায়ৰ বিষয়া। এই বিষয়াসকলে সমিতিসমূহৰ কাৰ্যকলাপত সহায় আগবঢ়াব। এই কাৰ্যবিধিৰ অধিকাংশই গগোপনীয় কৰি ৰখা হয়।

এতিয়া ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে তেওঁৰ ব্যক্তিগত কৰ্মচাৰীৰ পৰা এই বিষয়াসকলক নিযুক্তি দিয়া কাৰ্যক উদ্ভট পদক্ষেপ আখ্যা দিছে বিৰোধীয়ে। বিভিন্ন সমিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈয়ে এই পদক্ষেপ লোৱা হৈছে বুলিও বিৰোধী নেতাসকলে অভিযোগ উত্থাপন কৰিছে।