ফাৰ্মাচিউটিকেল ইনষ্টিটিউট পৰিদৰ্শনৰ নামত কেলেংকাৰী; গ্ৰেপ্তাৰ বিশ্ববিদ্যালয়ৰ দুই অধ্যাপক

ধৃত অধ্যাপকদ্বয় ক্ৰমে পুনীত কুমাৰ আৰু ৰাকেশ চাওলা। ফটোঃ সংগ্ৰহীত।

উৎকোচ গ্ৰহণৰ অভিযোগত পঞ্জাৱৰ দুগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপকক গ্ৰেপ্তাৰ কৰিছে হিমাচল প্ৰদেশৰ ষ্টেট ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন ব্যুৰোৱে। দেওবাৰে (১১ আগষ্ট) ভিজিলেন্স ব্যুৰোৰ দলে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

ফৰিদকোট আৰু বাৰ্ণালাৰ বাসিন্দা অভিযুক্ত দুগৰাকীৰ জিম্মাৰ পৰা প্ৰায় ৩.৫ লাখ টকা উদ্ধাৰ হয়। কাংগ্ৰা জিলাৰ ৰক্কাৰ আৰক্ষী থানাৰ অধীনস্থ তেওঁলোকৰ পঞ্জাৱত পঞ্জীয়নভুক্ত ক্ৰেটা গাড়ীৰ পৰা নগদ ধনখিনি জব্দ কৰা হয়।

পালামপুৰৰ ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্চত পৰিদৰ্শন কৰিবলৈ অহা অধ্যাপক দুগৰাকীয়ে এই ধনৰ সন্তোষজনক ব্যাখ্যা দিবলৈ ব্যৰ্থ হয়। অধ্যাপক দুগৰাকীক ক্ৰমে পুনীত কুমাৰ আৰু ৰাকেশ চাওলা বুলি চিনাক্ত কৰা হৈছে। 

হিমাচল প্ৰদেশ আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাৰ মুখপাত্ৰৰ মতে, “আটকাধীন ব্যক্তি দুগৰাকীক ভাৰতীয় ফাৰ্মাচী কাউন্সিলে শিক্ষানুষ্ঠান পৰিদৰ্শনৰ বাবে প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল। কিন্তু প্ৰতিষ্ঠানটোৰ পক্ষত অৱস্থানৰ বাবে তেওঁলোকে অবৈধ ধন লাভ কৰা বুলি তীব্ৰ সন্দেহ ঘণীভূত হৈছে। সেয়ে, তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত) ধাৰা ১৩(২)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।”

ধৃত অধ্যাপকদ্বয় বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁলোকৰ দুৰ্নীতিত জড়িত হোৱাৰ বিতং তথ্য আৰু তেওঁলোকে পৰিদৰ্শন কৰা প্ৰতিষ্ঠানটোৰ ভিতৰৰ যিকোনো সম্ভাৱ্য দুৰ্নীতি নিৰ্ণয়ৰ বাবে এক পুংখানুপুংখ তদন্ত চলি আছে। ভিজিলেন্স ব্যুৰোৱে ৰাজহুৱা প্ৰতিষ্ঠানসমূহত দুৰ্নীতিৰ শিপা আঁতৰাই স্বচ্ছতা নিশ্চিত কৰাৰ বাবে দায়বদ্ধ হৈ আছে।