ৰাজনৈতিক প্ৰহসনৰ প্ৰতিবাদ! : যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ নিৰ্বাচন বৰ্জন

774884-electiongeneric3-750x375

প্ৰতিনিধিত্বমূলক ফটো

বিশেষভাৱে চৰ্চিত এইবাৰৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ এখন গাঁৱৰ ৰাইজে নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৰহাটৰ পৰা ২০কিলোমিটাৰ আঁতৰৰ চিনাতলী গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ ওপৰত বিশ্বাস হেৰৱাই এইবাৰ লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ‘স্ক্ৰ’ল ডট ইন’ নামৰ ৱেব পৰ্টেলত এই বাতৰি প্ৰকাশ পাইছে।

চিনাতলীৰ বাসিন্দাসকলে অভিযোগ কৰে যে বছৰ বছৰ ধৰি ভোট দি অহাৰ পাছতো তেওঁলোকে এতিয়াও গাঁৱবাসীয়ে গাঁৱলৈ সংযোগ স্থাপন কৰা এটা ৰাস্তা নাপালে।

যোৰহাট সমষ্টিটোত ১৯৫১ চনৰে পৰা কংগ্ৰেছৰ শক্তিশালী ভেটি থকাৰ মাজতে ১৯৮৪ চনত এবাৰ মাত্ৰ অগপই আৰু যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ১৮ বছৰ ধৰি কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈয়ে সমষ্টিটোৰ বিজয় সাৱ্যস্ত কৰি সাংসদ নিৰ্বাচিত হৈছিল।

চিনাতলীৰ বাসিন্দাসকলে কয় যে কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক কোনোৱে তেওঁলোকৰ সমস্যাৰ প্ৰতি দৃষ্টি দিয়া নাই।

‘’গাঁৱখনৰ মূল পথটো ১৯৭০ চনতে গড়কপ্তানি বিভাগক নিৰ্মাণৰ বাবে দিয়া হৈছিল যদিও তাৰ পাছৰে একো হোৱা নাই,’’-গাঁৱখনৰ এগৰাকী ব্যৱসায়ী দিবাকৰ বৰুৱাই কয়।

মৰিয়নি বিধানসভা সমষ্টিৰ অধীনৰ চিনাতলী গাঁৱৰ ৰাইজে ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনো বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল।

স্থানীয় যুৱ সংগঠনৰ এগৰাকী নেতা দীপ গগৈয়ে প্ৰথমতে নিৰ্বাচন বৰ্জনৰ ধাৰণাটো লৈ ওলাই আহিছিল। ‘’আমি ভাবিছিলো যে আমি যদি সময়মতে অসুস্থ হৈ পৰা মনুহজনক হাস্পাতললৈ লৈ যাবই নোৱাৰো, তেনেহ’লে ভোট দিয়াৰ অৰ্থই কি?’’-দীপ গগৈয়ে এইদৰে ব্যক্ত কৰে।

নিৰ্বাচন বৰ্জনৰ এই সিদ্ধান্তৰ কথা জানিব পাৰি সাংসদ তাচাই গড়কপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সৈতে গাঁৱৰ প্ৰতিনিধিসকলৰ এখন বৈঠকৰ আয়োজন কৰিছিল।

বাতৰি অনুসৰি, তপন কুমাৰ গগৈয়ে গাঁৱবাসীক প্ৰতিশ্ৰুতি দিয়ে যে ৰাস্তাটো লোকসভা নিৰ্বাচনৰ আগেয়ে নিৰ্মাণ কৰা হ’ব। গগৈয়ে গাঁৱবাসীক চিন্তিত নহ’বলৈ কৈ তেওঁলোকক ভোটদান সাৱ্যস্ত কৰিবলৈ আহ্বান জনাইছিল।

গাঁৱবাসীয়ে প্ৰতিশ্ৰুতিত ভোল গৈ ভোট দি বিজেপিক জয়যুক্ত কৰে। কিন্তু চিনাতলীৰ ৰাইজে কোনো আশাৰ পোহৰ নাপালে আৰু ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি তেনেকৈয়ে পৰি ৰ’ল।

আনহাতে, বিৰোধী কংগ্ৰেছ দলে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ৰাস্তাটো নিৰ্মাণ নকৰাৰ বাবে বিজেপিক অভিযুক্ত কৰিব বিচাৰি যদিও চিনাতলীৰ বাসিন্দাসকলে তেওঁলোকৰ প্ৰতি কৰা অৱহেলাৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলকে জগৰীয়া কৰিছে।