নিয়তি! এইখন গাঁৱৰ সকলোৱেই জন্মৰ কেইদিনমান পাছতেই ৰহস্যজনকভাৱে হৈ পৰে অন্ধ

the village

টিপটিলেক গাওঁ।

গাঁওখনৰ সকলোৱেই দৃষ্টিহীন। কিন্তু আশ্চৰ্জনক কথাটো হ’ল তেওঁলোকৰ কোনোৱে জন্মান্ধ নহয়। আন দহজন সুস্থ-সবল লোকৰ দৰেই স্বাভাৱিক দৃষ্টিশক্তি লৈ জন্মগ্ৰহণ কৰে এই গাওঁখনৰো লোকসকল।

জন্মৰ দহদিনৰ ভিতৰতেই ৰহস্যজনকভাৱে অন্ধ হৈ পৰে গাওঁখনৰ লোকসকল।

কেবল সেয়াই নহয়, মানুহৰ লগতে গাওঁখনৰ পোহনীয়া জন্তুৰো একে অৱস্থা। সিহঁতো জন্মৰ দহদিনৰ ভিতৰত একেদৰে অন্ধ হৈ পৰে।

মেক্সিকোৰ টিলটেপেক নামৰ সৰু এখন গাঁওত ঘটে এই ঘটনা। গাওঁখনৰ মুঠ ৬০-৭০টা জুপুৰিত জাপোটেক নামৰ জনগোষ্ঠীৰ তিনিশমান লোক সপৰিয়ালে বাস কৰে। কিন্তু গাঁওখনৰ লোকসকল এনেদৰে ৰহস্যজনকভাৱে অন্ধ হৈ পৰাৰ ঘটনাত মেক্সিকোৰ চৰকাৰ অসহায়।

দেশখনৰ বিজ্ঞানীসকলে ইয়াৰ আঁৰৰ ৰহস্য উদ্ধাৰৰ বাবে গৱেষণাও চলাইছে। বিজ্ঞানীসকলৰ প্ৰাথমিক অনুসন্ধানত অনুমান কৰা হৈছে যে ঘন জংঘলে আৱৰি থকা গাওঁখনত ‘ব্লেক ফ্লাই’ নামৰ এক বিষাক্ত প্ৰজাতিৰ মাখিৰ পয়োভৰ আছে। সেই মাখিৰ কামোৰতেই গাওঁখনৰ লোকসকলে হয়তো শিশু অৱস্থাতে দৃষ্টিহীন হৈ পৰিবলগীয়া হৈছে।

বিজ্ঞানীসকলে টিলটিপেক গাওঁৰ সৈতে লাগি থকা জংঘলেই বিষাক্ত ব্লেক ফ্লাইৰ বসতি বুলি ধাৰণা কৰে। প্ৰশাসনে উক্ত অঞ্চলটো ব্লেক ফ্লাই মুক্ত কৰাৰ পৰিকল্পনা লৈছে। অন্য উপায় নাথাকিলে জনগোষ্ঠীটোৰ লোকসকলক গাওঁখনৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা হ’ব পাৰে।