শদিয়াত লোহিত নদীৰ খহনীয়া ৰোধৰ বাবে জলদেৱতাক সন্তুষ্ট কৰিবলৈ দহখনৰো অধিক গাঁৱৰ ৰাইজে পাতিলে মাংগলিক অনুষ্ঠান

IMG_20190923_193057

লোহিত নদীৰ পাৰত দহখন গাঁৱৰ ৰাইজৰ মাংগলিক অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ চমৎকাৰী সৃষ্টিয়ে বৰ্তমান বিশ্বৰ চুকে-কোণে আমূল পৰিৱৰ্তন সধাৰ সময়তো শদিয়া মহকুমাৰ বৃহত্তৰ ন-শদিয়া অঞ্চলৰ প্ৰায় দহখনৰো অধিক গাঁৱৰ ৰাইজে সমস্যাৰ পৰা পৰিত্ৰান বিচাৰি নেদেখাজনৰ শৰণাপন্ন হৈছে।

গাওঁকেইখনৰ লোক একত্ৰিত হৈ লোহিত নদীৰ পাৰৰ বালি চাপৰিত জলদেৱতাক সন্তুষ্ট কৰিবলৈ পৰম্পৰাগত ৰীতি-নীতিৰে এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰে।

শদিয়া বিধান সভা সমষ্টিৰ অধীনৰ ন-শদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ভৱলা, বিল গাঁও, ন-বচা গাঁও, টেঙাগাঁও, পদুম ফুলা, বালিজান নগাঁও, বাৰ মাইল আদিৰ লগতে প্ৰায় দহখনৰো অধিক গাঁৱৰ ৰাইজ ইয়াত সমৱেত হয়।

গাওঁকেইখনৰ আবাল বৃদ্ধ-বনিতাকে ধৰি প্ৰায় পাঁচ শতাধিক ৰাইজে দেওবাৰে এই মাংগলিক কাৰ্যত অংশ লৈ লোহিত নদীৰ গৰাখহনীয়া ৰোধৰ বাবে নেদেখাজনৰ  শৰণাপন্ন হয়।

ৰাইজে প্ৰকাশ কৰা মতে এই বৃহত্তৰ অঞ্চলটোত বিগত ১৯৭২ চনৰ পৰা লোহিত নদীয়ে ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰি তাণ্ডৱ চলাই আহিছে।

প্ৰতি বছৰে আৰু শদিয়া মহকুমাৰ মাজেৰে প্ৰৱাহিত হোৱা এই নদীখনৰ প্ৰবল গৰাখহনীয়াত ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ গৈছে এখনৰ পিছত সিখন গাঁও।

চৰকাৰী তথ্য মতে বিগত ১৯৭২-১৯৮৫ চনৰ ভিতৰত শদিয়া মহকুমাৰ পূব প্ৰান্তৰ চূণপোৰাৰ পৰা ন-শদিয়া অঞ্চলৰ তিনি মাইললৈকে লোহিত নদীপৰীয়া এই বিস্তৃত অঞ্চলটোৰ প্ৰায় ১২ খনৰো অধিক গাঁও ইতিমধ্যে নদীৰ বুকুত নিচিহ্ন হৈ গৈছে।

গঞা ৰাইজে নদন-বদন ঘৰ-বাৰী, শস্য-শ্যামলা খেতিপথাৰ, বিদ্যালয়ৰ লগতে বহুতো ৰাজহুৱা সম্পত্তি নৈৰ বুকুত হেৰুৱাই অন্য ঠাইত থিতাপি ল’ব লগা হৈছে।

বিগত প্ৰায় চাৰি-পাঁচটা দশক ধৰি এই নদীখনৰ গৰাখহনীয়া অব্যাহত থকাৰ ফলত উপায়হীন হৈ ৰাইজে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত  ক্ষোভ প্ৰকাশ কৰে।

লোহিত নদীৰ ভয়াৱহ বান আৰু গৰাখহনীয়াত বিগত পাঁচটা দশক জুৰি ভুক্তভোগী ৰাইজে শদিয়াৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলক, জলসম্পদ বিভাগ তথা চৰকাৰক এই স্পৰ্শকাতৰ বিষয়টোৰ সমাধানৰ সন্দৰ্ভত বাৰম্বাৰ আৱেদন-নিৱেদন কৰি আহিছে যদিও আজিলৈকে কোনো সদুত্তৰ নাপালে৷

আনকি শদিয়াৰ জনপ্ৰতিনিধিসকল নাইবা জলসম্পদ বিভাগৰ এজনো লোক আজিলৈকে খহনীয়া পীড়িত অঞ্চলত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে ৰাইজে।

অৱশেষত সেয়েহে উপান্ত হৈ বৰ্তমান এই নদীখনৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই অনা ন-শদিয়া অঞ্চলৰ প্ৰায় ১০ খনৰো অধিক গাঁৱৰ ৰাইজে একত্ৰিত হৈ  জলদেৱতাক সন্তুষ্ট কৰিবলৈ নেদেখাজনৰ ওচৰত নাম-কীৰ্তন কৰি মাংগলিক ক্ৰিয়া-কৰ্মৰ আশ্ৰয় লয়।

লোহিত নদীৰ পাৰৰ বালি-চাপৰিত এক প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ইয়াৰ জৰিয়তে জলসম্পদ বিভাগ, শদিয়াৰ জনপ্ৰতিনিধি তথা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰি গৰাখহনীয়াৰ বিজ্ঞানসন্মত সমাধান আশা কৰিছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে।