NORTHEAST NOW (Assamese)

১৮ সংখ্যক এছিয়ান গেমছত অসমক প্রতিনিধিত্ব কৰা তীৰন্দাজ প্ৰমিলাৰাণী দৈমাৰীৰ বাবে প্ৰাৰ্থনা সভাৰ আয়োজন ওদালগুৰিত

August 21, 2018 7:50 pm · ছাজিদ খান
Updated: August 21, 2018 7:52 pm

আজি ওদালগুৰিৰ ভেৰগাঁও মহকুমাৰ খগ্ৰাবাৰী এলেকাৰ দাহলাহাবি গাঁৱৰ বাসিন্দাসকলে ১৮ সংখ্যক এছিয়ান গেমছত যোগদান কৰা  ভাৰতীয় মহিলা তীৰন্দাজ দলটোত অসমক প্ৰতিনিধিত্ব কৰা তীৰন্দাজ প্ৰমিলা দৈমাৰীৰ বিজয় কামনা কৰি এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। খগ্ৰাবাৰীৰ স্থানীয় বাথৌ মন্দিৰত এখন সভাৰো আয়োজন কৰা হয়।

এই সভাত পানেৰিৰ বিধায়ক কমলী বসুমতাৰী, কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ  বড়ো, ভাৰেগাঁৱৰ মহকুমা বিষয়া (অসামৰিক) দিঠকানন্দ হাজৰিকা সদৌ বড়ো ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ লগতে ওদালগুৰিৰ বিভিন্ন অংশৰ পৰা ভালেমান লোক আহি সমৱেত হয়।

উল্লেখ্য যে প্ৰমিলা দৈমাৰীয়ে ১৮ আগষ্টৰ পৰা জাকাৰ্টাত চলি থকা এছিয়ান গেমছত অংশগ্ৰহণ কৰিছে।

উল্লেখ্য যে আজিৰ অনুষ্ঠিত ১৮ সংখ্যক এছিয়ান গেমছৰ মহিলাৰ ৰিকাৰ্ভ আৰ্চাৰী ইভেণ্টৰ ৰেংকিং ৰাউণ্ডত ভাৰতে সপ্তম স্থান লাভ কৰিছে। ভাৰতৰ দ্বিতীয় সৰ্বোত্তম তীৰন্দাজগৰাকী হৈছে প্ৰমিলা দৈমাৰী। তেওঁৰ সামগ্ৰিক স্ক’ৰ হৈছে ৬২২।

Related News