শাসনাধিষ্ঠ বিজেপি আৰু ইয়াৰ মিত্ৰদল বি পি এফে বি টি চি অঞ্চলত যিমানেই উন্নয়নৰ দাবী কৰি নাথাকক কিয় কাৰ্যক্ষেত্ৰত কিন্তু সেয়া কেৱল শ্ল’গান আৰু প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ আছে। বি টি চি খালিংদুৱাৰ সমষ্টি আৰু পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত হৰিশিঙা ৰাজহ চক্ৰৰ অধীনত প্ৰায় ১০খন গাঁৱক সামৰি লোৱা ওদালগুৰিৰ বৃহত্তৰ খইৰাবাৰী গাঁৱৰ ৰাইজে আজি পৰ্যন্ত দেখা নাই বিকাশৰ পোহৰ।
১নং, ২নং আৰু ৩নং খইৰাবাৰী গাঁও, পুৰণি টংলা গাঁও, হাবিগাঁও আৰু বুঢ়া গোসাঁই থানৰ মূলত খেতিৰ ওপৰত নিৰ্ভৰশীল লোকসকলক বিভিন্ন অভাৱে জুৰুলা কৰি পেলাইছে। বিশেষকৈ জলসিঞ্চনৰ কোনোধৰণৰ ব্যৱস্থা নথকাত এতিয়াও গাঁওবাসীয়ে বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়।
আনহাতে এইসমূহ অভাৱৰ মাজতে মথাউৰি নথকাৰ ফলত নোনাই নৈৰ বাঢ়নি পানীয়ে গাঁৱৰ লোকসকলৰ ওপৰত অধিক বিপৰ্যয় নমাই আনে। যাৰ ফলত নিৰ্বাচিত প্ৰতিনিধিয়ে কাহানিও খবৰ নোলোৱা গঞা ৰাইজে এতিয়া নিজেই বান্ধ নিৰ্মাণত নামি পৰিছে। ১ নং খইৰাবাৰী গাঁৱত বালিৰবেগ আৰু বাঁহেৰে বান্ধ বনাই নৈৰ বাঢ়নি পানী অন্যফালে বোৱাই নিয়াৰ ব্যৱস্থা কৰিছে গাঁৱৰ লোকসকলে।