অলিম্পিকৰ পিছতেই বাঢ়িল অধিক জনপ্ৰিয়তা : আয় ৩ গুণলৈ বৃদ্ধি পালে ৱিনেশ ফ’গাটৰ

ভংগ হ’ল ৱিনেশ ফ’গাটৰ অলিম্পিকৰ স্বৰ্ণস্বপ্ন! পদক নিশ্চিত হোৱাৰ পিছতো ফাইনেলৰ পৰা বাহিৰ হ’ল মল্লযোদ্ধাগৰাকী। মন ভাঙি গ’ল কোটি কোটি ভাৰতীয়ৰ লগতে ৱিনেশৰো।

কিন্তু দেশবাসীয়ে নিৰাশ কৰা নাছিল ৱিনেশক। দেশলৈ উভতি আহি নায়িকাৰ দৰে সন্মান লাভ কৰিলে তেওঁ। তাৰ লগে লগে তেওঁৰ জনপ্ৰিয়তাও বাঢ়ি গ’ল। জনপ্ৰিয়তাৰ লগতে বাঢ়িল উপাৰ্জনো।

শেহতীয়াকৈ ৱিনেশৰ বিজ্ঞাপনৰ আয় ৩ গুণলৈ বৃদ্ধি পাইছে।

অলিম্পিকলৈ যোৱাৰ আগতেও বিনেশ যথেষ্ট জনপ্ৰিয় আছিল। প্ৰতিটো বিজ্ঞাপনৰ বাবে তেওঁ প্ৰায় ২৫ লাখ টকা লয়। অলিম্পিকৰ সফলতাৰ পিছত তেওঁ এই মাচুল ৩ গুণলৈ বৃদ্ধি কৰে। এতিয়া বিনেশে প্ৰতিটো বিজ্ঞাপনৰ বাবে ৭৫ লাখ টকা মাচুল বিচাৰিছে। এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছে যে অলিম্পিকৰ পিছত ৱিনেশৰ জনপ্ৰিয়তা বাঢ়িছে। বজাৰত ইয়াৰ প্ৰভাৱ বাঢ়িছে।

কেৱল ৱিনেশেই নহয়, একেদৰে মনু ভাকৰ, নীৰজ চোপ্ৰাৰো ব্ৰেণ্ড ভেলু অলিম্পিকৰ পিছত বাঢ়িছে। মনুৰ ব্ৰেণ্ড ভেলু ছয়গুণ বৃদ্ধি পাইছে এবাৰতে। য’ত আগতে এটা বিজ্ঞাপনৰ বাবে ২০-২৫ লাখ টকা পাইছিল, এতিয়া ডেৰ কোটি পায়!

কেৱল সেয়াই নহয়, মনুক নিজৰ ব্ৰেণ্ড এম্বেছাদৰ কৰিবলৈ বহু কোম্পানীৰ মাজত হুলস্থুলৰ সৃষ্টি হৈছে। ইতিমধ্যে তেওঁ পেপচিৰ সৈতে ডেৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে।

টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ পিছৰে পৰা নীৰজ চোপ্ৰাই দেশৰ শীৰ্ষ খেলুৱৈৰ ভিতৰত স্থান লাভ কৰিছে। তেতিয়াৰ পৰাই তেওঁৰ ব্ৰেণ্ড মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ফলত তেওঁৰ জনপ্ৰিয়তা এতিয়াও অধিক। বৰ্তমান নীৰজৰ ব্ৰেণ্ড মূল্য প্ৰায় ৩৩০ কোটি টকা।