উৰুকাৰ দিনাই ভাৰত-ভুটান সীমান্তত হিংসাত্মক ঘটনা : আক্ৰমণকাৰীক আটক, ক্ষতিগ্ৰস্ত বাহন

Indo-Bhutan

আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা দিনাই ভাৰত-ভুটান সীমান্ত শৰলপাৰাত সংঘটিত হয় হিংসাত্মক ঘটনা।

হল্টুগাও বন সংমণ্ডলৰ অন্তৰ্গত শৰলপাৰাত সহস্ৰাধিক ভুমি বেদখলদাৰীৰে অবৈধভাৱে ভুমি বেদখল কৰিবলৈ অহা খবৰ লাভ কৰি বন বিভাগৰ কৰ্মীসকলে উপস্থিত হোৱা লগে লগেই ভুমি বেদখলদাৰীসকলে বাটত আক্ৰমণ কৰে বন বিভাগৰ দলটোক।

চোকা অস্ত্ৰ অৰ্থাৎ দাহ, কুখুৰীলৈ আক্ৰমণ কৰাত বন বিভাগৰ এখন টাটা মেজিক বাহন সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হয় আৰু ছয়জন বন বিভাগৰ কৰ্মী আহত হয়।

হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলি বৰ্ষন কৰিবলগীয়া হয় বন বিভাগৰ কৰ্মীয়ে।

উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান সেনা, চি আৰ পি এফ মোতায়ন কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰত-ভুটান সীমান্ত অঞ্চল শৰলপাৰাত বনাঞ্চল ধ্বংস কৰি অবৈধভাৱে ভুমি বেদখল কৰা লোকসকলক উচ্ছেদ কৰি আহিছিল যদিও সফল হোৱা নাই।

যাৰবাবে বনাঞ্চল এতিয়া জনাঞ্চলত পৰিণত হৈছে। চৰকাৰ তথা সংশ্লিষ্ট বিভাগে উচ্ছেদ কৰা কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে সীমান্ত অঞ্চল শৰলপাৰাৰ মনোমোহা দৃশ্য তথা প্ৰাকৃতিক সৌন্দৰ্য নোহোৱা হ’ব সেয়া নিশ্চিত হৈ পৰিছে।

ইতিমধ্যে ঘটনাত জড়িত দোষী ব্যেক্তিক আটক কৰিছে প্ৰশাসনে। আটকাধীন ব্যক্তিজনক শোণিতপুৰৰ ঢেকীয়াজুলিৰ জাক্ৰিয়াছ ওৱাৰী বুলি চিনাক্ত কৰিছে।