বিৰাট কোহলী বৰ্তমানৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন : স্মিথ

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী বৰ্তমানৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বুলি অভিহিত কৰিছে অষ্ট্ৰেলিয়াৰ ৰান মেচিন ষ্টিভ স্মিথে।

বৰ্তমান ইংলেণ্ড ভ্ৰমণত থকা স্মিথে ইনষ্টাগ্ৰামযোগে নিজৰ অনুৰাগীৰ সৈতে কথা-বতৰা পাতোতে এই কথা উল্লেখ কৰে।

অনুৰাগীসকলে বৰ্তমানৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেনৰ নাম ক’ব কোৱাত স্মিথে কোহলীৰ নাম লয়।

কোহলীয়ে এই পৰ্যন্ত ৫৯.৩৪ গড়ে ১১৮৬৭ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ৪৩টা শতক।

ক’ৰ’না মহামাৰীৰ বাবে যোৱা ৫ মাহ ধৰি ক্ৰিকেট ফিল্ডৰ পৰা আঁতৰি আছে বিৰাট কোহলীৰ লগতে ভাৰতীয় ক্ৰিকেটাৰসকল।

বৰ্তমান কোহলীৰ লগতে ভাৰতৰ আন আন খেলুৱৈসকলে ১৯ ছেপ্তেম্বৰৰ পৰা য়ু এ ইত আৰম্ভ হ’বলগীয়া আই পি এলৰ বাবে প্ৰস্তুতি চলাই আছে।

উল্লেখ্য যে, ২০১১ চনৰ পৰা ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ নেতৃত্ব লৈ অহা বিৰাট কোহলী এইবাৰৰ আই পি এলক লৈ যথেষ্ট আশাবাদী।

এই পৰ্যন্ত এবাৰো আই পি এলৰ খিতাপ অৰ্জন কৰিব নোৱাৰা ৰয়েল চেলেঞ্জাৰে এইবাৰ খিতাপ অৰ্জন কৰিব বুলি কোহলীৰ লগতে ক্ৰিকেট বিশেষজ্ঞ সকলে আশা প্ৰকাশ কৰিছে।