• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বুমৰাহক ‘জাতীয় সম্পদ বা অষ্টম আশ্চৰ্য্য’ ঘোষণা কৰিবলৈ সন্মত বিৰাট, লগতে ক’লে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2024 7:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰাট কোহলীয়ে যশপ্ৰীত বুমৰাহক ‘ৰাষ্ট্ৰীয় সম্পদ’ বা বিশ্বৰ ‘অষ্টম আশ্চৰ্য্য’ বুলি ঘোষণা কৰিবলৈ সন্মত হৈছে। আৰু তাৰ বাবে যদি তেওঁ কোনো আবেদনত চহী কৰিবলগীয়া হয়, তেন্তে তেওঁ এতিয়াই সেইটো কৰিবলৈ সাজু বুলিও কয় ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে।

বৃহস্পতিবাৰে টিম ইণ্ডিয়াৰ বিজয় পেৰেডৰ পিছত ৱানখেড়ে ষ্টেডিয়ামত বক্তব্য ৰখাৰ সময়ত বিৰাটে বুমৰাহক প্ৰশংসা কৰে। বিৰাটে ক’বলৈ কুণ্ঠাবোধ নকৰিলে যে ষ্টাৰ পেচাৰগৰাকীৰ হাতেৰে ভাৰতে ফাইনেলত পুনৰ উভতি আহিছিল।

তেওঁ কয়, বিশ্বকাপৰ ফাইনেলত এটা সময়ত সপোনটো আকৌ এবাৰ ভংগ হ’ব বুলি আশংকা হৈছিল। কিন্তু বুমৰাহে ভাৰতক পুনৰ মেচলৈ আনিলে। কেৱল ফাইনেলতে নহয়, সমগ্ৰ বিশ্বকাপতে সেই কাম কৰাৰ বাবে বুমৰাহক প্ৰশংসাৰে উপচাই দিয়ে বিৰাটে।  

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়াই; ৰোহিত বাহিনীক কি ক’লে মোদীয়ে?

ৱানখেড়েত থিয় হৈ বিৰাটে কয়, ‘মই নিশ্চিত যে এই মুহূৰ্তত ষ্টেডিয়ামত থকা সকলোৱে এটা সময়ত নিশ্চয় ভাবিছিল যে মেচখন আকৌ হাতৰ পৰা ওলাই যাব, বিশ্বকাপ হাতৰ পৰা ওলাই যাব? আৰু তাৰ পিছত যোৱা পাঁচ অভাৰত যিটো হৈছিল, সেইটো সঁচাকৈয়ে এটা বিশেষ মুহূৰ্ত আছিল।’

তাৰ পাছত ৱানখেড়েৰ দৰ্শকে ‘চিকু, চিকু’ ধ্বনি দিবলৈ আৰম্ভ কৰে। বিৰাটে মহেন্দ্ৰ সিং ধোনীয়ে মাতি অহা নামটো শুনি হাঁহিবলৈ ধৰে। তাৰ পাছত তেওঁ ক’লে, ‘মই আচলতে যি বিচাৰো সেয়া হ’ল সকলোৱে বাৰে বাৰে এজনৰ বাবে হাত চাপৰি বজাওক। সেইজনে আমাক এই প্ৰতিযোগিতাখনত বাৰে বাৰে মেচলৈ ঘূৰাই আনিলে। বাৰে বাৰে, বাৰে বাৰে। শেষত তেওঁ কি কৰিলে সেয়া ভাষাৰে বুজাব নোৱাৰি। কল্পনাতীত। অনুগ্ৰহ কৰি সকলোৱে যশস্প্ৰীত বুমৰাহৰ বাবে হাত চাপৰি বজাওক।’

বিৰাটৰ কথাৰে আঁত ধৰি সঞ্চালক গৌৰৱ কাপুৰে কয়, ‘মই এটা কথা ভাবিছোঁ। সেয়া হ’ল যশপ্ৰীত বুমৰাহক ভাৰতৰ জাতীয় সম্পদ বা (বিশ্বৰ) অষ্টম আশ্চৰ্য্য হিচাপে ঘোষণা কৰিবলৈ এখন আবেদন আৰম্ভ কৰিম। বিৰাট, সেই আবেদনত চহী কৰা প্ৰথম ব্যক্তি হ’বনে?’, যাৰ উত্তৰত বিৰাটে ক’লে, ‘মই এতিয়াই সেই আবেদনখনত চহী কৰিম। তেওঁ কেতিয়া কি খেলিব, তেওঁ সিদ্ধান্ত লওক। মই বিচাৰো তেওঁ যিমান পাৰে খেলক। কাৰণ তেওঁৰ দৰে বলাৰ প্ৰজন্মত এজনেই আহে। সৌভাগ্যক্ৰমে তেওঁ আমাৰ দলত খেলে।

লগতে পঢ়কঃ অভূতপূৰ্ব! মুম্বাইৰ সমুদ্ৰৰ পাৰত জনসমুদ্ৰ,বিশ্বকাপজয়ী দলক চাবলৈ হেতাওপৰা ক্ৰীড়াপ্ৰেমীৰ

বিৰাটে কোৱা কথাবোৰত একো অতিৰঞ্জিত নাই। কাৰণ বুমৰাহে এইবাৰ বিশ্বকাপত অবিশ্বাস্য খেল খেলিছে। তেওঁ বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। ৮খন মেচত ১৫টা উইকেট দখল কৰে। সৰ্বাধিক উইকেট গ্ৰহণকাৰীৰ তালিকাত তৃতীয় স্থানত থকাৰ পিছতো বুমৰাহৰ প্ৰভাৱ হৈছে অবিশ্বাস্য গড় ৮.২৬। ইকোনমি ৰেট ৪.১৭। তেওঁৰ চাৰি অভাৰ এতিয়া বিপক্ষৰ বাবে দুঃস্বপ্ন হৈ পৰিছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা বা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী হোৱা বা ফাইনেলত জয়ী হোৱা প্ৰতিখন মেচতে বুমৰাহে টিম ইণ্ডিয়াক পুনৰ মেচলৈ আনিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd