ৰাছিয়াৰ সংবিধান সংশোধন: ২০৩৬লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব পুটিন

WhatsApp Image 2020-07-02 at 6.57.30 PM

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন।

১৯৮০ৰ দশকৰ শীতল যুদ্ধৰ আগলৈকে বিশ্বৰ মহাপৰাক্ৰমী ৰাষ্ট্ৰ হৈ থকা ৰাছিয়াত শেহতীয়াকৈ সংঘটিত হৈছে এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন।

দেশখনৰ সংবিধান সংশোধনৰ জৰিয়তে বৰ্তমানৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ কাৰ্যকাল ২০৩৬ চনলৈ বৃদ্ধি কৰা হৈছে।

বুধবাৰে অনুস্ঠিত দেশখনৰ সংবিধান সংশোধন সম্পৰ্কীয় ভোট গণনাত পুনৰ ১৬ বছৰৰ বাবে পুটিন ৰাষ্ট্ৰপতি হৈ থকাৰ বাট প্ৰশস্ত হয়।

বুধবাৰে দুপৰীয়াৰ ভাগলৈ হোৱা ভোট গণনাত ৭০ শতাংশ ভোটেই পুটিনৰ সপক্ষে পৰে। ফলত ২০৩৬ চনলৈ পুটিন ৰাষ্ট্ৰপতি হৈ থকাটো নিশ্চিত হৈ পৰে।

উল্লেখ্য, ২০২৪ চনত পুটিনৰ কাৰ্যকাল অন্ত পৰিব লগীয়া আছিল। ১৯৫২ চনৰ ৭ অক্টোৱৰত ৰাছিয়াৰ লেনিনগ্ৰেডত জন্মগ্ৰহণ কৰা পুটিনে ১৫ বছৰ ধৰি ৰাছিয়াৰ চোৰাংচোৱা সংস্থা কে জি বিত চাকৰি কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱনত এগৰাকী বিষয়া হিচাবে যোগদান কৰে।

১৯৯৬ চনত পাভেল বৰ্ডিনৰ সহকাৰী হিচাবে কাম কৰা পুটিন এটা সময়ত ৰাছিয়াৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰে।

১৯৯৯ চনৰ ৩১ ডিচেম্বৰত য়েল্টচিনে তেওঁক ৰাছিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি পদত অধিস্থিত কৰে।

ইয়াৰ পিছত তেওঁ ২০১২ চনৰ ৪ মাৰ্চত তৃতীয়বাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হয়।