২০১৯ চনত ‘ৰাইজৰ কণ্ঠ’ হ’ব কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ

কংগ্ৰেছ যদি শাসনলৈ আহে জি এছ টিৰ সংশোধন ঘটোৱা হ'ব; ৰিজাৰ্ভ বেংকৰ পৰা টকা খুজিব লগীয়া কেতিয়াও হোৱা নাছিল : পি চিদাম্বৰম

Voice of People

কংগ্ৰেছে আজি বিষ্ণু নিৰ্মলা ভৱনত আয়োজন কৰা 'ৰাইজৰ কণ্ঠ' শীৰ্ষক অনুষ্ঠানৰ দৃশ্যাংশ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ইস্তাহাৰত প্ৰতিফলন ঘটিব ‘ৰাইজৰ কণ্ঠ’ৰ। আজি প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদম্বৰমৰ উপস্থিতিত বিষ্ণু নিৰ্মলা প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘ৰাইজৰ কণ্ঠ’ শীৰ্ষক অনুষ্ঠানত দলটোৱে ৰাইজৰ পৰা বিভিন্ন দিহা-পৰামৰ্শ লয়। দলটোৱে জানিবলৈ দিয়ে যে এই দিহা-পৰামৰ্শবোৰৰ ভিত্তিতে কংগ্ৰেছে নিজৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব।

উল্লেখযোগ্য যে আজি ভালে সংখ্যক নাগৰিকে এই ‘ৰাইজৰ কণ্ঠ’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত উপস্থিত থকা প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদম্বৰমেও ভালে সংখ্যক দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। দল-সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন পৰামৰ্শ আগ বঢ়ায়। তাৰ ভিতৰত নগাওঁ কাগজ কল আৰু কাছাৰৰ কাগজ কলক পুনৰ জীয়াই তুলিবলৈ পৰামৰ্শ দিয়ে চিদাম্বৰমক। লগতে ৰাজহুৱা খণ্ডৰ অইল ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিব নালাগে বুলিও পৰামৰ্শ দিয়ে। আন কিছু সংখ্যকে পৰামৰ্শ দিয়ে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবৰ বাবে। ইয়াৰ ভিতৰত শিক্ষা-ঋণৰ সুতৰ হাৰ কমাবৰ বাবেও পৰামৰ্শ দিয়ে।

এইবোৰৰ উপৰি অসমৰ কৃষি খণ্ডৰ উন্নয়ন, কৃষিভূমি উদ্যোগতিক নিদিয়া, কৃষিজাত সামগ্ৰী সংৰক্ষণৰ বাবে খাদ্য ভঁৰাল নিৰ্মাণ, কৃষি সামগ্ৰীৰ নিলাম কেন্দ্ৰ স্থাপন আদি পৰামৰ্শ দিয়ে উপস্থিতসকলে।

আজিৰ এই ‘ৰাইজৰ কণ্ঠ’ অনুষ্ঠানত অসমৰ ট্ৰেড য়ুনিয়ন কংগ্ৰেছ, ক্ষুদ্ৰ ব্যৱসায়ী সন্থা, এম এইচ্ছ এম চিকে ধৰি ৪২টাকৈ সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

কংগ্ৰেছ যদি শাসনলৈ আহে জি এছ টিৰ সংশোধন ঘটোৱা হ’ব : চিদম্বৰম

ইয়াৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিদম্বৰমে আজি পুৱাৰ ভাগত ৰাজীৱ ভৱনত হোৱা এখন সংবাদমেলত অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছ যদি শাসনলৈ আহে জি এছ টিৰ সংশোধন ঘটাব। বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিৰ কঁকাল ভাঙিলে বুলিও তেওঁ অভিযোগ কৰে।

অসমলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত পূৰ্বৰ য়ু পি এ চৰকাৰৰ ৯০-১০ অনুপাতৰ পৰিৱৰ্তে হ্ৰাস কৰি ৭০-৩০ বা ৬০-৪০ অনুপাত কৰা কাৰ্য্যকো তেওঁ সমালোচনা কৰে। “ৰিজাৰ্ভ বেংকৰ পৰা টকা বিচাৰিব লগীয়া কোনো চৰকাৰৰ দিনতেই হোৱা নাছিল।” দেশৰ অৰ্থনীতিৰ শোচনীয় অৱস্থাৰ প্ৰসংগত কয় চিদম্বৰমে। আনহাতে অহা ১৯ নৱেম্বৰত অনুষ্ঠিতব্য ৰিজাৰ্ভ বেংকৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছৰ বৈঠকত চৰকাৰে কেন্দ্ৰীয় বেংকটোক ১ লাখ কোটি টকা মুকলি কৰি দিবলৈ নিৰ্দেশ দিব বুলিও দাবী কৰে। “ইয়াতেই বিমুদ্ৰাকৰণৰ প্ৰকৃত স্বৰূপ বুজিব পাৰি”, কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে।