বোকাখাতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন : চাইকেল ৰেলীৰে সজাগতা সৃষ্টিৰ প্ৰয়াস মহকুমা প্ৰশাসনৰ

IMG-20190125-WA0004_2

সমগ্ৰ দেশৰ লগতে বোকাখাততো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত অনুষ্ঠিত সভাত মহকুমাটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, সাংবাদিক, মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে ছাত্র-ছাত্রী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

অনুষ্ঠানত মহকুমাধিপতি গৰাকীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰোৱাৰ লগতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে । সভাত কেইবাগৰাকীও বক্তাই ভোটাৰ দিৱসৰ বিভিন্ন দিশ পর্যালোচনা কৰি এখন সুস্থ আৰু নিকা চৰকাৰ গঠনৰ বাবে নিজৰ ভোটাধিকাৰ সাবস্ত কৰিবলৈ সকলোকে আহ্বান জানায়।

অনুষ্ঠানত মহকুমাটোৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও বক্তব্য আগবঢ়ায়। আজি অনুষ্ঠানতে ভোটাৰদিৱসৰ লগত সংগতি ৰাখি বোকাখাত নির্বাচনী কার্যালয়ৰ উদ্যোগত আয়োজিত হোৱা কুইজ প্রতিযোগিতাত প্রথম স্থান লাভ কৰা কমাৰ গাওঁ মহাব্যিালয়ৰ পূজা গুপ্তা আৰু শ্ৰুতি শৰ্মা , দ্বিতীয় স্থান পোৱা কাজিৰঙা মহাবিদ্যালয়ৰ পিংকী বেগম আৰু বনশ্রী বাউৰী আৰু তৃতীয় স্থান পোৱা জে.জি.এচ.জি, মহাবিদ্যালয়ৰ ৰিয়া বাউৰী আৰু হিমাঞ্চল দত্তক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়৷

অনুষ্ঠানত নিৰ্বাচনী বিভাগৰ উদ্যোগত ইলেক্ট্ৰনিক ভোটাৰ মেচিন আৰু ভি ভি পেটৰ ব্যৱহাৰো প্ৰদৰ্শন কৰা হয়৷  ইফালে আজি ভোটাৰ দিৱস উপলক্ষে পুৱা ৯ বজাত বোকাখাত ৰাজহুৱা খেলপথাৰৰ পৰা নগৰৰ মাজেৰে ভোট দানৰ সজাগতা সৃষ্টিৰ বাবে এটা চাইকেল ৰেলীও উলিওৱা হয় । চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে মহকুমাধিপতি বিবেক শ্যামে। চাইকেল ৰেলীত মহকুমা আৰক্ষী বিষয়া ডা: কল্যাণ দাস, সহকাৰী আয়ুক্ত শান্তনু গগৈ, নিবার্চনী বিষয়া নিতিশা বৰাই অংশ গ্রহণ কৰে৷