NORTHEAST NOW (Assamese)

আৰম্ভ হ’ল অসমৰ ৪ টা সমষ্টিকে ধৰি দেশৰ ৯৪ টা সমষ্টিৰ ভোটগ্ৰহণ, EVM এ নিৰ্ণয় কৰিব ১,৩৫১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

May 7, 2024 7:05 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 6, 2024 9:48 pm

পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হ’ল লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতৰ মুঠ ৯৪ টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয়টো পৰ্যায়ৰ ভোটগ্ৰহণ।

এই গোটেইকেইটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াইছে মুঠ ১,৩৫১ গৰাকী প্ৰাৰ্থীয়ে।

উল্লেখ্য যে অসমৰো ৪ টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ। এই চাৰিটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে মুঠ ৪৭ জন প্ৰাৰ্থীয়ে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতে শেষ হ’ব অসমৰ আটাইকেইটা সমষ্টিৰ ভোট গ্ৰহণ।

অসমৰ এই ৪ টা সমষ্টি হৈছে কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী।

এই ৪ টা সমষ্টিৰ উল্লেখযোগ্য প্ৰাৰ্থীসকল হৈছে মীৰা বৰঠাকুৰ, বিজুলী কলিতা মেধি, ফণীভূষণ চৌধুৰী, মনোৰঞ্জন তালুকদাৰ, দীপ বায়ন, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন, কম্পা বৰগঞাৰী, জয়ন্ত বসুমতাৰী আৰু গৰ্জন মাছাহাৰী।

Related News