প্ৰতিজন মানুহে নিজৰ জাতি-জনগোষ্ঠীক ভাল পায় আৰু শ্ৰদ্ধা কৰে৷ প্ৰতিখন দেশৰ প্ৰতিজন নাগৰিকে নিজ জাতি-জনগোষ্ঠীটোৰ বিপদৰ কালত আপোন মানুহসকলৰ ওচৰত থিয় দিব খোজে৷ বিভিন্ন সমস্যাৰ বিৰুদ্ধে প্ৰতিটো জাতি-জনগোষ্ঠীয়ে যুঁজ দিব লগা হয়, এই কথা ইতিহাসে কয়৷
আমাৰ দেশ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে বিভিন্ন দাবীৰ হকে সংগ্ৰাম চলাই গৈছে৷ কেতিয়াবা সংৰক্ষণ, কেতিয়াবা সুকীয়া ৰাজ্য, কেতিয়াবা নাগৰিকত্ব, কেতিয়াবা জনগোষ্ঠীৰ স্বীকৃতি, ভাষা ৰক্ষা, প্ৰব্ৰজন বন্ধ কৰা আদি দাবীৰে সংগ্ৰাম কৰি গৈছে বিভিন্ন জাতি-জনগোষ্ঠীয়ে৷ দেশ স্বাধীন হোৱাৰ পিছতেই অসমৰ মানুহেও নিজ জাতিটোৰ অস্তিত্ব জীয়াই ৰাখিবলৈ কম সংগ্ৰাম কৰিব লগা হোৱা নাই বুলি আমি ভাবো৷
চুবুৰীয়া দেশৰ পৰা হোৱা প্ৰব্ৰজন, দেশৰ ভিতৰৰ পৰা হোৱা প্ৰব্ৰজনে অসমীয়া জাতিক বাৰে বাৰে জ্বলা-কলা খুৱাইছে৷ অসমখনৰ গাতে লাগি থকা পশ্চিম বংগ, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যৰ ভাৰতীয় আৰু বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনে অসমীয়া জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ সমানে অসমীয়া ভাষাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷
বিশ্বৰ মানচিত্ৰত এটুকুৰা সৰু ভূমি অসমখনত থকা ক্ষুদ্ৰ অসমীয়া জাতিটোৱে অসমীয়া হৈ জীয়াই থাকিবলৈ কিমান সংগ্ৰাম কৰিলে তাৰ হিচাপ কৰি উলিয়াব পৰা নাযাব৷ মৰি মৰি জীয়াই থকা মহাপৰাক্ৰমী জাতিটোৱে বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে। বাৰে বাৰে অস্তিত্বৰ প্ৰতি ভাবুকি পাই আহিছে৷ ভিন্ন কাৰকে জাতিটোক থৰক-বৰক কৰি সেউজীয়া ভূমি, সাৰুৱা সম্পদ দখল কৰিব খুজিছে৷ কিন্তু বীৰৰ বংশধৰ অসমীয়াই কাৰোৰে ওচৰত মুৰ দোঁৱাই জীয়াই থকা নাই৷ বীৰৰ দৰে যুঁজিছে আৰু নিজৰ মান-অভিমান জীয়াই ৰাখিছে৷ বাৰে বাৰে জাতিটোক ৰক্ষা কৰাৰ দৰেই, অসমীয়া ভাষা ৰক্ষা কৰাৰ বাবে অসমীয়াই আন্দোলন কৰিব লগা হৈছে৷ ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন আদিত অসমীয়া ডেকাই প্ৰাণ দিব লগা হৈছে৷
# মোগল আৰু বদন…
আমি সকলোৱে জানো অসমীয়া জাতি যুঁজ দি জীয়াই থকা এটা জাতি৷ ইতিহাস ফঁহিয়াই চালে দেখা যায় যে মানৰ আক্ৰমণৰ পৰা যেনেকৈ নহওক সেই সময়ৰ অসমীয়াই অসমক ৰক্ষা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল৷ মধ্যযুগত ‘অসম ৰাজ্য’ বুলি পৰিচিত আৰু ১২২৮-১৮২৬ৰ আহোম ৰাজ্যখন অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰে এখন মধ্যযুগীয় ৰাজ্য। প্ৰায় ৬০০ বছৰ ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰখা আৰু উত্তৰ-পূব ভাৰতত মোগলৰ শাসন বিস্তাৰ কৰাৰ বাধা দিয়া প্ৰবল সাহসী জাতিটোৱে হৈছে অসমীয়া জাতি।
মং-মাও-বংশৰ টাই ৰাজকোঁৱৰ চুকাফাই উত্তৰে চুতীয়া ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্যৰ মাজত আহোম তথা অসম ৰাজ্য স্থাপন কৰিছিল। অসম ৰাজ্য কালক্ৰমত চৌদিশে বিস্তাৰ হয় আৰু বিশেষকৈ ১৬ শতিকাৰ চু-হুং-মুং দিহিঙীয়া ৰজাৰ শাসনকালত এক ৰাজনৈতিক শক্তিত পৰিণত হয় বৃহৎ অসমীয়া জাতি। চুচেংফা প্ৰতাপ সিংহৰ দিনত ৰাজ্যৰ প্ৰশাসনক নতুন ৰূপ দিয়া হয় আৰু মোগলৰ লগত প্ৰথমবাৰৰ বাবে কূটনৈতিক যোগাযোগ স্থাপন কৰা হৈছিল। সেই সময়ৰ পৰাই কিছু বদনৰ জন্ম হৈছিল অসম নামৰ আমাৰ মাতৃভূমিত৷ কিন্তু মহাপৰাক্ৰমী অসমীয়া গদাধৰ সিংহৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা মোগল প্ৰভাৱ নিশ্চিহ্ন কৰা হয়। গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰ সিংহৰ দিনত অসম ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল। মোৱামৰীয়া বিদ্ৰোহৰ পৰা অসম ৰাজ্যৰ শক্তি কমিবলৈ ধৰে আৰু মানৰ আক্ৰমণত ৰাজ্যখনৰ সীমাকে ধৰি বিভিন্ন দিশ তচনচ হৈ পৰিছিল। ব্ৰিটিছৰ হাতত মানৰ পৰাজয়ৰ পিছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিমতে অসমৰ শাসন ব্ৰিটিছ মালিকাধীন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। তাৰ পিছতো অসমীয়াই অসমৰ শাসনভাৰ নিজৰ হাতলৈ আনিবলৈ চলচাতুৰিৰে কাম কৰি গৈছিল৷ মানৰ আক্ৰমণ অসমীয়া বুৰঞ্জীৰ আটাইতকৈ ক’লা অধ্যায়। তাৰ মাজতে অসমত বদন বৰফুকন নামেৰেও এজন অসমীয়া হৈও অসমীয়াবিৰোধী লোক আছিল৷ যিয়ে অসমীয়া জাতিক চিনা নাছিল৷ বদন বৰফুকন আছিল আহোম ৰাজ্যৰ এজন বিষয়া। তেতিয়াৰ গুৱাহাটীত থাকি আহোম ৰাজ্যৰ নামনিৰ শাসনভাৰ চোৱা-চিতা কৰিছিল বদন চন্দ্র বৰফুকনে। ৬০০ বছৰীয়া আহোম শাসনৰ শেষৰচোৱা ডা-ডাঙৰীয়াসকলৰ খাম-খেয়ালি আৰু ক্ষমতাৰ অঁৰিয়া-অঁৰিৰ সুবিধা গ্ৰহণ কৰি চুকত থাকি বুকুত কামুৰিছিল বদন বৰফুকনে৷ অসম আক্ৰমণ কৰিবৰ বাবে মান ৰজাক সৈমান কৰিছিল এই জনা বদন বৰফুকনে৷
# এদিনতে গঠন হোৱা জাতি নহয় অসমীয়া জাতি…
ইয়াৰ পিছৰ সময়ছোৱাত যদি চাবলৈ যাওঁ ১৭ শতিকাত অসম ৰাজ্য পুনৰ মোগলৰ আক্ৰমণৰ সন্মুখীন হৈছিল। ১৬৬২ খ্ৰীষ্টাব্দত মীৰ জুমলাৰ নেতৃত্বত হোৱা আক্ৰমণত মোগলে গড়গাওঁ অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছৰ সময়ছোৱাত লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ নেতৃত্বত শৰাইঘাটৰ ৰণ হৈছিল মোগলৰ বিৰুদ্ধে৷ সেই সময়ৰ অসমীয়াই মোগলক পৰাস্ত কৰিছিল৷ অসমীয়াই পশ্চিমে মানস নদীলৈকে নিজৰ সীমা বিস্তাৰ কৰিছিল। মানৰ পিছত ইংৰাজ আৰু ব্ৰিটিছ শাসনৰ পিছত ভাৰত নামৰ দেশত অন্তৰ্ভুক্ত হোৱা অসম ৰাজ্য কেৱল অসমীয়া জাতিয়েহে ৰক্ষা কৰিছে৷ এজন অসমীয়া যুৱক হিচাপে বুৰঞ্জী এনে অধ্যায়বোৰ অৱগত হৈ কেতিয়াবা ফেঁকুৰি উঠো৷ আমাৰ পূৰ্বপুৰুষসকলে কিমান যে বলিদান দি অসমক অসম কৰি ৰাখিছিল। আমি দিয়া বৰ্ণনাসমূহ আৰু জনা কথাবোৰ ইতিহাসে আমাক অৱগত কৰিছে৷ সেই কথা আমি মানি ল’বই লাগিব যে অসমীয়া জাতি এদিনতে গঠন হোৱা নাই৷
ভাবিলে চকুলো ওলায়, অসমীয়া জাতিয়ে এটা জাতি হৈ জীয়াই থাকিবলৈ কিমান যে কষ্ট কৰিছে, কিমান যুঁজিছে৷ কিমান যুঁজি থিয় হৈ আছে জাতিটোৱে৷ ব্ৰিটিছৰ চকু আছিল অসমৰ উৰ্বৰা ভূমিৰ ওপৰত৷ অসমৰ খাৰুৱা তেলৰ ওপৰত৷ অসমৰ প্ৰকৃতিক সম্পদ ৰক্ষা কৰিবলৈ কিমানে যুঁজিলে সেই কথা নতুনকৈ আজিৰ অসমীয়াক কোৱাৰ প্ৰয়োজন নাই৷ কিন্তু ব্ৰিটিছ গ’ল সঁচা৷ কিন্তু দিল্লীৰ সৈতে থাকিও অসমীয়াই আজিও নিজ অধিকাৰৰ বাবে সংগ্ৰাম কৰিব লগা হৈয়ে থাকিল৷
# সেউজীয়া পাহাৰ, উৰ্বৰা ভূমি, নদীৰ পানী, কয়লা, চূণ, চাহপাতত চকু…
দেশ স্বাধীন হ’ল৷ অসমখনক চলেবলে কৌশলে ভাৰতৰ অংশ কৰা হ’ল৷ এইবাৰ আকৌ নতুন আক্ৰমণ হ’বলৈ আৰম্ভ কৰিলে অসমখনৰ ওপৰত৷ ভাৰতৰ অংশ হোৱাৰ পিছৰে পৰা দিল্লীৰ চৰকাৰে পাৰে মানে অইন ৰাজ্যৰ পৰা অসমলৈ মানুহ আনিলে৷ ব্ৰিটিছে বনুৱা হিচাপে অসমলৈ অনা লোকসকল অসমত থাকিয়েই গ’ল৷ দেশ স্বাধীন হোৱাৰ পিছতো বিদেশৰ পৰা অহা লোকে অসমত থাকিবলৈ সুবিধা লাভ কৰিলে৷ ইমানেই নহয়, দিল্লীৰ চৰকাৰে আমাৰ তেল, চূণ, কয়লা, চাহপাত হোৰাহোৰে নিবলৈ আৰম্ভ কৰিলে৷ সেউজীয়া পাহাৰকেইখন, উৰ্বৰা ভূমি, নদীৰ পানী, কয়লা, চূণ, চাহপাত ৰক্ষা কৰিব নোৱাৰি গোপনে আজিও অসমীয়া জাতিয়ে চকুলো টোকে৷ ৰে’লগাড়ীৰে আমাৰ অসমৰ সম্পদ কঢ়িয়াই নিয়া প্ৰত্যক্ষ কৰিলে প্ৰতিগৰাকী অসমীয়াৰে বুকু কঁপি উঠে৷ অসমৰ বুকুৰ পৰা খনিজ সম্পদ উলিয়াই নিয়াৰ প্ৰক্ৰিয়া দেশ স্বাধীন হোৱাৰ পৰা চলি থাকিল৷
অসমীয়াই ভাবিছিল স্বাধীন ভাৰতৰ সৈতে আমি থাকিলে সম্পদৰ ওপৰত আমাৰ সম্পূৰ্ণ অধিকাৰ থাকিব৷ চাহপাতৰ নিলাম কেন্দ্ৰ আমাৰ হাতত থাকিব৷ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি অসমীয়া জাতিক সংখ্যাগুৰু হৈ থাকিব দিব৷ কিন্তু কদাপিও সেয়া সম্ভৱ নহ’ল৷
# স্বাধীনতাৰ পিছৰ অসমীয়াৰ যুঁজ…
ভাৰত স্বাধীন হোৱাৰ পিছতে ৰাষ্ট্ৰযন্ত্ৰই বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰি বৰ অসমখনক ভাগ ভাগ কৰিলে৷ তাহানিৰ ‘সাত ৰাজ মাৰি এক ৰাজ গঢ়া’ কথাষাৰক ধ্বংস কৰি বৰ অসমক ধ্বংস কৰি অসমীয়াৰ কঁকাল ভাঙিলে৷ ৰাজ্যত ভাগ ভাগ কৰি অসমীয়া জাতিক দুৰ্বল কৰাৰ প্ৰথম পৰিকল্পনা সফল হৈছিল৷ তাৰ পিছতে অসমীয়া ভাষাটোৰ ওপৰত চলিছিল অত্যাচাৰ৷ ভাষাটো জীয়াই ৰাখিবলৈ দুবাৰকৈ আন্দোলন কৰিলে অসমীয়াই৷ মাধ্যম আৰু ভাষা আন্দোলনত বহু কেইজন তেজাল যুৱকে প্ৰাণ হেৰুৱালে৷ সীমাৰ বাবে যুঁজ দিব লগা হ’ল অসমীয়াই৷ অসমৰ সীমা নিৰ্ধাৰণ কৰিবলৈ ভাৰত চৰকাৰে নল’লে আজিলৈকে কোনো পদক্ষেপ৷ সমানে বাংলাদেশ, নেপালৰ পৰা অহা হিন্দু আৰু মুছলমান প্ৰব্ৰজনকাৰীয়ে অসমীয়া জাতিটোক কোঙা কৰাই নহয় ৰাজহাড় ভাঙি পেলালে৷
তাৰ লগে লগে অসমত এখন নতুন সংগ্ৰামৰ পাতনি মেলিলে অসমৰ যুৱকে৷ সেয়া আছিল নতুন বিদ্ৰোহৰ পাতনি৷ অসমীয়া যুৱকে ভাৰত চৰকাৰৰ নীতি আৰু দমনমূলক পন্থাৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছিল৷ সম্পদৰ অধিকাৰ বিচাৰিছিল৷ হাতত অস্ত্ৰ তুলি লৈ স্বজাতিৰ হকে মৰিবলৈ সাজু হৈছিল অসমীয়া ডেকা৷ সঁচাই তাহানিৰ স্বাধীন অসমখন থাকিলে আমি সম্পদৰে চহকী হৈ থাকিলোহেঁতেন নেকি৷ সেউজীয়া পাহাৰকেইখন, উৰ্বৰা ভূমি, নদীৰ পানী, কয়লা, চূণ, চাহপাত হাতত থাকিলে আমি বিশ্বত এখন চহকী হৈ থাকিব পাৰিলোহেঁতেন নেকি বুলি অসমৰ একাংশ ডেকাই চিন্তা কৰিছিল৷ যাৰ সাৰমৰ্ম নথকা নহয়৷ এতিয়াৰ যুৱ প্ৰজন্ময়ো ভাবে বিশ্বত আমাৰ সুকীয়া পৰিচয় থাকিলহেঁতেন নেকি৷ এই সংগ্ৰামত বহু মাতৃয়ে পুত্ৰ হেৰুৱাইছে৷ বহু বোৱাৰী বিধৱা হৈছে৷ বহু অসমীয়া যুৱতী ধৰ্ষিত হৈছে৷ ইমানতো অসম সুৰক্ষিত নহ’ল৷
# শিলাদিত্যৰ পৰা জাতিপ্ৰেম শিকাৰ প্ৰয়োজন আছে…
সেয়া আছিল অসম আন্দোলন৷ স্বাধীনতাৰ পূৰ্বে, ১৯৭১ চনৰ পাকিস্তানৰ সৈতে থকা বাংলাদেশৰ পৰা আৰু ১৯৭১ চনৰ পিছত লাখ লাখ বাংলাদেশৰ নাগৰিক আহি অসম ভৰি পৰিল৷ অসমীয়া জাতি সংখ্যালঘুত পৰিণত হোৱাৰ ভয়ত অসমীয়া ডেকাই অসম আন্দোলন কৰিছিল৷ অসম আন্দোলনৰ পৰিণতিত অসমৰ পৰা বিদেশী খেদাৰ যোজা কৰিবৰ বাবে চুক্তি কৰা হ’ল৷ এই চুক্তি কৰাৰ সুদীৰ্ঘ সময় পাৰ হোৱাৰ পিছতো চুক্তিৰ দফা কাৰ্য্যকৰী নহ’ল৷
সুদীৰ্ঘ ৩৫টা বছৰৰ মূৰকত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তৈয়াৰ কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিবৰ বাবে যোজা কৰা হৈছিল৷ কিন্তু হ’ব কি? পুনৰ দিল্লীৰ চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি অসমত বাংলাদেশৰ পৰা মানুহ আনি বহাব খোজে৷ দিল্লীৰ চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰিব খোজে৷
দিল্লীয়ে বিচাৰে অসমত এখন অসমীয়াৰ বীৰত্ব নথকা চৰকাৰ থাকক৷ দিল্লীয়ে বিচাৰে অসমীয়া জাতিয়েই দুৰ্বল হওক৷ তেতিয়াহে অসমৰ সম্পদৰ অধিকাৰ দিল্লীৰ হাতত থাকিব৷
অসমৰ পৰা বিদেশী খেদিবৰ বাবে যোজা কৰাৰ সময়তে অসমত জন্ম হ’ল বহু বদন বৰফুকনৰ৷ অসমৰ প্ৰধান জাতীয় সংগঠনৰ পূৰ্বৰ নেতাকেইজনেই এতিয়া বদন বৰফুকন হৈ পৰিল বুলি আমি অনুভৱ কৰিছো৷
অসমৰ প্ৰধান আঞ্চলিক দলটোৱে অসমীয়াক প্ৰবঞ্চনা কৰিছে৷ মন্ত্ৰিত্বৰ খাতিৰত সকলো জলাঞ্জলি দিছে আঞ্চলিক দলটোৱে৷ আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা আদিৰ পৰা গৈ নেতা হোৱাসকল এতিয়াৰ বদন বৰফুকন৷
শেহতীয়া অসমৰ পৰিস্থিতি আৰু সন্দেহজনক লোকৰ দপদপনিয়ে এটা কথাই প্ৰমাণ কৰিছে যে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা আদি কিবা নহয় কিবা কাৰণত দুৰ্বল হ’ব লগা হৈছে; বুলি চৰ্চা হৈছে৷ অসমৰ এইসকল নেতাৰ দেহত মানৰ সময়ৰ, আহোম-মোগলৰ সময়ৰ আৰু ৮৫৫ গৰাকী অসমীয়া চহিদৰ তেজৰ সম্পৰ্ক নোহোৱা হৈছে বুলিও প্ৰশ্ন উঠিছে৷
তাহানিৰ অসমীয়াই বীৰত্বৰে যুঁজি অসম ৰক্ষা কৰাৰ দৰে এতিয়াৰ নেতাসকলে যুঁজ দিয়াটো দূৰৰ কথা মুখৰ মাত পৰ্য্যন্ত হেৰুৱাই পেলাইছে৷ অসমত এতিয়া অসমীয়া নেতাই নহয় সন্দেহজনক নেতাই নেতৃত্ব বহন কৰিছে৷ যিসকলে নিজক অসমীয়া বুলি নাভাবে, অসমীয়াৰ বিৰুদ্ধে অসমত গণ সমাৱেশ অনুষ্ঠিত কৰিব খোজে, তেনে নেতাই অসম চলাবলৈ আৰম্ভ কৰিছে৷ যদি তেনে নেতাই অসমত গুজৰি-গুমৰি থাকিব পাৰে– মাৰিম বুলি, মৰিম বুলি ক’ব পাৰে; তেন্তে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা আদিৰ নেতাই ওলাই আহি অসমীয়া জাতিক লগত লৈ সেই দপদপনি কিয় বন্ধ কৰিব নোৱাৰে৷
সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব৷
আপোনালোক থাকোতেই বাংলাদেশৰ শৰণাৰ্থী অসমত সংস্থাপন, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে আকৌ অসমত বিদেশী সংস্থাপন কৰিম বুলি ভাবিবলৈ কিয় সাহস কৰিলে দিল্লীয়ে৷ তাৰ উত্তৰ আপোনালোকে দিব লাগিব৷ কিয়নো বৰ্তমানৰ ৰাজ্যৰ প্ৰধানগৰাকী আপোনালোকৰ মঞ্চৰ পৰাই যোৱা৷
শেষত ক’ব পাৰো, জাতিপ্ৰেম হোজাইৰ বিধায়ক শিলাদিত্যৰ পৰা আপোনালোকে শিকিব লাগিব৷ এটা কথা কৈ থওঁ শিলাদিত্যই যি কৈছে আৰু যি কৰিছে, সেয়া নিজ বাঙালী জাতিৰ বাবে কৰিছে৷
বৰ্তমানৰ অসমীয়া নেতাসকলৰ জাতিপ্ৰেম ইমান দুৰ্বল হ’ল কিয়? অসমীয়া নেতাসকলে শিলাদিত্যৰ পৰা জাতিপ্ৰেম শিকাৰ প্ৰয়োজন আছে নেকি?