NORTHEAST NOW (Assamese)

ৱেইটিং লিষ্টৰ টিকট লৈ সংৰক্ষিত ডবাত উঠিব নোৱাৰিব যাত্ৰী? ৰে’লৱেৰ নতুন নিয়মে কি কয়?

May 1, 2025 8:32 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

ভাৰতীয় ৰে’লৱেই টিকট বুকিং আৰু ৱেইটিং লিষ্টৰ টিকটৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰিছে। এই সকলোবোৰ পৰিৱৰ্তনৰ কথা ইতিমধ্যে ৰে’লৱে ঘোষণা কৰিছিল।

এই সন্দৰ্ভত ১ মে’ৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে। সেয়ে নিয়মীয়াকৈ ৰে’লযোগে যাত্ৰা কৰাসকলক নতুন নিয়মৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিছে ৰে’লৱেই। অন্যথা ৰে’ল যাত্ৰাৰ সময়ত বিপদত পৰিব পাৰে।

ৱেটিং লিষ্টত নাম থকা যাত্ৰীসকলে ১ মে’ৰ পৰা ৰে’লৰ ৰিজাৰ্ভড বা সংৰক্ষিত ডবাত উঠিব নোৱাৰিব।ৱেইটিং লিষ্টৰ টিকট লৈ সংৰক্ষিত ডবাত যাত্ৰা কৰিলে বৃহৎ জৰিমনা ভৰিব লগা হ’ব পাৰে। এনে যাত্ৰীসকলে হয়তো ৰে’লৰ পৰা নামিব লগা হ’ব পাৰে। অৱশ্যে ৱেটিং লিষ্টত নাম থকা যাত্ৰীসকলে সাধাৰণ ডবাত বা অসংৰক্ষিত ডবাত উঠিব পাৰিব।

ইপিনে, ভাৰতীয় ৰে’লৱেৰ টিকট বুকিং সম্পৰ্কীয় নিয়মো ১ মে’ৰ পৰা সলনি হৈছে।পূৰ্বতে প্ৰস্থানৰ ১২০ দিন পূৰ্বে ৰিজাৰ্ভেচন টিকট ক্ৰয় কৰিব পৰা গৈছিল। কিন্তু সেই নিয়ম ১ মে’ৰ পৰা বন্ধ কৰা হৈছে। এতিয়াৰ পৰা যাত্ৰাৰ তাৰিখৰ ৬০ দিন আগলৈকে ৰিজাৰ্ভেচন টিকট ক্ৰয় কৰিব পাৰিব। ইয়াৰ দ্বাৰা টিকট নোপোৱাৰ সমস্যা বহুলাংশে সমাধান হ’ব বুলি আশাবাদী ৰে’লৱে।

আনহাতে, ১ মে’ৰ পৰা তৎকাল টিকটৰ নিয়মো সলনি হৈছে। এতিয়াৰ পৰা তৎকাল টিকটৰ বাবে আধাৰ পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰিও যদি আপুনি কনফাৰ্ম টিকট বাতিল কৰে তেন্তে আপোনাক ধন ঘূৰাই দিয়া নহ’ব।

Related News